September 10, 2026 2:18 PM

views 22

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মণিপুৰৰ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

August 13, 2026 4:30 PM

views 40

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে উজনি অসমৰ ভিন্ন অঞ্চলত বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে সাতদিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্ত...

July 29, 2026 2:29 PM

views 30

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়া পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

July 13, 2026 6:42 PM

views 25

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী ২-৩ দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে। দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে। উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান-বাহনৰ দিশো সলনি কৰে। গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰ...

July 8, 2026 1:30 PM

views 23

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

June 24, 2026 1:39 PM

views 42

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি অসম চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘণ্টাত প্রায় ৭২.৮ মিলিমিটাৰ বৰষুণ হয়। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা ৬ বজাৰ পৰা চাৰে ৭ বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে-ফোটোকাৰে উফন্দি উঠিছে। ৰঙানদী জ...

June 24, 2026 1:55 PM

views 30

অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ আৰু বিজুলী-ঢেৰেকনি অহাৰ সম্ভাৱনা

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ আৰু বিজুলী-ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ প্ৰায়বোৰ ঠাইতে মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে। আনহাতে, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কোনো কোনো অংশত মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে ব...

June 15, 2026 1:31 PM

views 30

বতৰৰ বতৰা-

♦ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ’ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনিৰে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

June 10, 2026 10:24 AM

views 44

বতৰৰ বতৰা

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সৰ্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়া পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

January 22, 2026 12:22 PM

views 76

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা ...