১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে।
লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে সাতদিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ’ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্তী ৭ দিনত দৈনিক সতর্কতা জাৰি কৰিছিল।
ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ নীতি নিৰ্দেশনা অনুসৰি বৰষুণৰ শ্ৰেণীকৰণৰ মানক নিয়ম অনুসৰণ কৰা হৈছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিভাগটোৱে অসমৰ সকলো অঞ্চলত বৰষুণৰ পূৰ্বানুমান আৰু সতর্কতাৰ সঠিকতা আৰু সময়সীমাৰ নিয়মীয়া মূল্যায়ণ কৰি আহিছে।