September 30, 2026 9:28 PM

views 3

ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছেঃ ড০ জিতেন্দ্র সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কোৱান্টাম মিছন প্রগতি কিউ ফাউন্ড্রি অনুষ্ঠানত উদ্বোধনী অধিৱেশনত ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছে বুলি মন্তব্য কৰে। ভাৰতে কোৱাণ্টাম সুৰক্ষিত যোগাযোগৰ ক্ষেত্ৰত ১ হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। ৮ বছৰীয়া লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত আধাতকৈও অধিক কাম মাত্র তিনিবছৰৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে ৰ...

September 23, 2026 8:25 PM

views 4

১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩০০০ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে : ড° জীতেন্দ্র সিং

কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্রী ড° জীতেন্দ্র সিঙে কয় যে যোৱা ১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩ হাজাৰ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে। কৰ্মচাৰী পৰিষদৰ তৃতীয় বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধি সকলৰ এখন সভাত উপস্থিত থাকি মন্ত্রীজনে আজি এইদৰে কয়। মন্ত্রীজনে লগতে কয় যে কৰ্মচাৰীসকলৰ কাম কৰাৰ বাবে এটা ভাল পৰিবেশ দিবলৈ চৰকাৰ সদায় আগ্রহী যাতে, কৰ্মচাৰীসকলে প্ৰেৰণাৰে কর্মস্থলীত ফলপ্রসূভাৱে নিজৰ সেৱা আগবঢ়োৱাত মনোনিবেশ কৰিব পাৰে। কৰ্মচাৰীৰ পৰা লাভ কৰা সেৱা আৰু কর্মচাৰী ...

September 2, 2026 9:04 PM

views 41

কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই অসমৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ কৰ্মবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত ড° জীতেন্দ্র সিঙে অসমত দ্রুতগতিত চলি থকা উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইচ্ছাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই গতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিগত এটা দশকত অসমত হোৱা উন্নয়নৰ বিষয...

September 2, 2026 8:52 PM

views 15

দেশৰ শক্তি সুৰক্ষা – ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িতঃ ড০ জীতেন্দ্র সিঙ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্রী ড০ জীতেন্দ্র সিঙে দেশৰ শক্তি সুৰক্ষা - ৰাষ্ট্ৰীয় নিৰাপত্তা, কৌশলগত স্বাৱলম্বিতা আৰু অৰ্থনৈতিক স্থিতিস্থাপকতাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি মন্তব্য কৰিছে। আজি নতুন দিল্লীত পি এইচ ডি চেম্বাৰ্ছ অৱ কমার্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে আয়োজন কৰা ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় জলবায়ু সন্মিলনত ভাষণ দি কেন্দ্রীয় মন্ত্ৰীগৰাকীয়ে দেশৰ শক্তিখণ্ডক অধিক স্বনিৰ্ভৰ, দেশীয়, সুলভ আৰু উন্নত প্রযুক্তিনির্ভৰ কৰি তোলাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে বৰ্তমানৰ সময় হৈছে নিকা শক্তি ব্যৱহ...

August 13, 2026 4:30 PM

views 36

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে উজনি অসমৰ ভিন্ন অঞ্চলত বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে

১৮ৰ পৰা ২০ জুলাইলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ পূৰ্বে আৰু বৰষুণৰ সময়চোৱাত উজনি অসমৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগতীয়া পূর্বানুমান আৰু বিপদাংশকা সন্দৰ্ভত বিভিন্ন ৰঙৰ সতৰ্কতা প্রকাশ কৰিছিল বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। লোকসভাত কালি এটা প্ৰশ্নৰ লিখিত উত্তৰত ধৰিত্ৰী বিজ্ঞান দপ্তৰৰ মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে কয়, যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনৰ বাবে প্ৰকাশ কৰা পূৰ্বানুমান হিচাপে সাতদিন পূৰ্বে ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি সতৰ্ক কৰি দিছিল আৰু পৰৱৰ্ত...

July 23, 2026 9:21 PM

views 17

নীট প্রশ্নকাকত ফাদিল বিষয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক আলোচনাৰ বাবে আহিবলৈ কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্র সিঙৰ আহ্বান

কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্র সিঙে নীট প্রশ্নকাকত ফাদিল বিষয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে সাজু আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা ২৪ ঘণ্টাত চলি থকা প্ৰতিবাদৰ ছাত্ৰ প্রতিনিধিসকলক আলোচনাৰ বাবে চাৰিটাকৈ প্ৰস্তাৱ দিয়া হৈছে।  তেওঁ প্ৰতিবাদকাৰী যুৱক-যুৱতীসকলক আলোচনাৰ বাবে স্থায়ী আমন্ত্ৰণ পত্ৰ প্ৰদান কৰি আলোচনাৰ সময়ত কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু তেওঁ উপস্থিত থাকিব বুলি আশ্বাস দিয...

July 5, 2026 8:47 PM

views 18

ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ প্রতিনিধি দলৰ সৈতে কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ মত বিনিময়

কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেন্সনাৰ তথা প্রশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে প্রতিষ্ঠানিক আলোচনাৰ জৰিয়তে কৰ্মচাৰী সংস্থাসমূহে সেৱা সংক্রান্তীয় বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰি সৃষ্টিশীল ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে। তেওঁ কয় যে সকলো পক্ষৰ সৈতে নিয়মিতভাবে আলোচনাৰ জৰিয়তে প্রশাসন ব্যৱস্থা শক্তিশালী...

June 14, 2026 8:16 PM

views 32

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে কৈছে যে  দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী দশকত ৪০০০-৪৫০০ কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে

কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি কৈছে যে দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী দশকত বৰ্তমানৰ ৮০০-৯০০ কোটি আমেৰিকান ডলাৰৰ পৰা ৪০০০-৪৫০০ কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে। নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নীতি সংস্কাৰ, বর্ধিত ব্যক্তিগত অংশগ্রহণ তথা দ্রুতভাৱে সম্প্ৰসাৰিত উদ্ভাৱনী পৰিবেশতন্ত্ৰৰ জৰিয়তে এই অগ্রগতি সম্ভৱ হৈ উঠিছে। ড০ সিঙে কয় যে দেশৰ মহাকাশ খণ্ডৰ এই প্ৰগতিয়ে দেশজুৰি হোৱা বৃহৎ পৰিৱৰ্তন প্রতিফলিত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে গৱেষণাগাৰৰ পৰিধি নেওচি ৰ...

January 22, 2026 11:07 AM

views 56

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে

ভাৰতে উচ্চ সুৰক্ষা মান বৰ্তাই ৰাখি পাৰমাণৱিক শক্তি কাৰ্যসূচীৰ এক নির্ণায়ক বিন্দুত উপনীত হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। কালি নতুন দিল্লীত আয়োজিত এখন সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়, যে চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা পাৰমাণৱিক আইনখনৰ অধীনত বিশদ পর্যালোচনা চলাই থকা হৈছে। চৰকাৰে অত্যাৱশ্যকীয় সুৰক্ষাৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰাকৈ বে-চৰকাৰী অংশগ্ৰহণৰ বাবেও পাৰমাণৱিক খণ্ডটো মুকলি কৰি দিছে বুলিও তেওঁ প্ৰকাশ কৰে। ড° সিঙে দৃঢ়ভাৱে কয়, যে দেশৰ দ...

December 28, 2025 10:09 PM

views 65

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছেঃ ড০ জিতেন্দ্র সিং

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিজ্ঞানৰ সংস্কাৰৰ ক্ষেত্ৰত শান্তি বিধেয়ক বৃহৎ সাফল্য হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ আগত শ্রীসিঙে কয় যে দেশৰ পাৰমাণৱিক শক্তি সামর্থ্য ২০১৪ চনৰ ৪ দশমিক ৪ গিগাৱাটৰ পৰা দুগুণ বৃদ্ধি হৈ বৰ্তমান এই সামর্থ্য প্রায় ৮ দশমিক ৭ গিগাৱাট হৈছে। মন্ত্ৰীগৰাকীয়ে কয় যে শান্তি বিধেয়কে ভাৰতৰ পাৰমাণবিক খণ্ডত এটা ঐতিহাসিক সংস্কাৰ সাধন কৰিছে। এই বিধেয়কৰ ফলত দেশৰ সুৰক্ষা, সাৰ্বভৌম...