ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছেঃ ড০ জিতেন্দ্র সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড০ জিতেন্দ্র সিঙে আজি নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কোৱান্টাম মিছন প্রগতি কিউ ফাউন্ড্রি অনুষ্ঠানত উদ্বোধনী অধিৱেশনত ভাৰতৰ প্ৰযুক্তিগত ক্ষমতাই এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি অতিক্রম কৰিছে বুলি মন্তব্য কৰে। ভাৰতে কোৱাণ্টাম সুৰক্ষিত যোগাযোগৰ ক্ষেত্ৰত ১ হাজাৰ কিলোমিটাৰৰো অধিক দূৰত্ব অতিক্ৰম কৰিবলৈ সক্ষম হৈছে।

৮ বছৰীয়া লক্ষ্যৰে আৰম্ভ কৰা এই অভিযানত আধাতকৈও অধিক কাম মাত্র তিনিবছৰৰো কম সময়ৰ ভিতৰতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ কয়, যে ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ পৰিৱেশতন্ত্ৰত ১৪টা কাৰিকৰী গোট, ১৭টা প্ৰকল্প দল, ১৫০ ৰো অধিক গৱেষক আৰু ১৭খন ৰাজ্য তথা দুটা কেন্দ্রীয় শাসিত অঞ্চলত ৪৩টা প্রতিষ্ঠান জড়িত হৈ আছে।

কোৱান্টাম উদ্ভাৱনক বাণিজ্যিকভাবে কার্যক্ষম আৰু দীৰ্ঘম্যাদী কৰি তোলাত উদ্যোগ খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় কোৱান্টাম মিছনৰ অধীনত ৯টা নতুন ষ্টার্টআপো মুকলি কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।