September 23, 2026 8:25 PM | Dr. Jitendra Singh

printer

১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩০০০ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে : ড° জীতেন্দ্র সিং

কেন্দ্রীয় কর্মচাৰী, ৰাজহুৱা ওজৰ আপত্তি নিষ্পত্তি আৰু পেঞ্চন মন্ত্রী ড° জীতেন্দ্র সিঙে কয় যে যোৱা ১২ বছৰত কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে ২৩ হাজাৰ লোকক পদোন্নতি দিবলৈ সমর্থ হৈছে। কৰ্মচাৰী পৰিষদৰ তৃতীয় বিভাগৰ কৰ্মচাৰীসকলৰ প্ৰতিনিধি সকলৰ এখন সভাত উপস্থিত থাকি মন্ত্রীজনে আজি এইদৰে কয়। মন্ত্রীজনে লগতে কয় যে কৰ্মচাৰীসকলৰ কাম কৰাৰ বাবে এটা ভাল পৰিবেশ দিবলৈ চৰকাৰ সদায় আগ্রহী যাতে, কৰ্মচাৰীসকলে প্ৰেৰণাৰে কর্মস্থলীত ফলপ্রসূভাৱে নিজৰ সেৱা আগবঢ়োৱাত মনোনিবেশ কৰিব পাৰে। কৰ্মচাৰীৰ পৰা লাভ কৰা সেৱা আৰু কর্মচাৰী বিভাগ সম্পর্কীয় মতামতসমূহ গ্রহণ কৰি বিভাগীয় কর্তৃপক্ষলৈ প্ৰেৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কর্মচাৰীসকলে বিভিন্ন বিষয়ত তেওঁলোকৰ লগত সঘনাই মত বিনিময় কৰাৰ বাবে মন্ত্রী শ্রীসিঙলৈ ধন্যবাদ জ্ঞাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।