কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি আৰু পেন্সন বিভাগৰ ৰাজ্যমন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি চৰকাৰী কৰ্মচাৰীক পেন্সনাৰ তথা প্রশাসনীয় সংস্কাৰ সম্পৰ্কীয় এলানি বিষয় আলোচনা কৰাৰ উদ্দেশ্যে ভাৰতীয় মজদুৰ সংঘ আৰু স্বীকৃতিপ্রাপ্ত কৰ্মচাৰী সংস্থাৰ এটা প্রতিনিধি দলৰ সৈতে মত বিনিময় কৰে।
মন্ত্ৰীগৰাকীয়ে প্রতিষ্ঠানিক আলোচনাৰ জৰিয়তে কৰ্মচাৰী সংস্থাসমূহে সেৱা সংক্রান্তীয় বিষয়সমূহ চৰকাৰৰ দৃষ্টিগোচৰ কৰি সৃষ্টিশীল ভূমিকা গ্ৰহণ কৰা বুলি উল্লেখ কৰে।
তেওঁ কয় যে সকলো পক্ষৰ সৈতে নিয়মিতভাবে আলোচনাৰ জৰিয়তে প্রশাসন ব্যৱস্থা শক্তিশালী কৰাৰ উপৰি চৰকাৰী কৰ্মচাৰী আৰু পেন্সনাৰসকলৰ সমস্যাসমূহ সময়মতে সমাধা কৰাত সুবিধা হয়। চৰকাৰে কৰ্মচাৰীসকলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহ সুচাৰুৰূপে ৰূপায়ণ কৰাত মন্ত্ৰীগৰাকীৰ ভূমিকাক প্ৰতিনিধি দলটোৱে প্রশংসা কৰে।