December 6, 2025 8:03 PM

views 65

আনুষ্ঠানিকভাৱে মুকলি একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে আয়োজন কৰা একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ আই আই এছ এফ আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দছেৰা মৈদানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাই শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা ভগাই লয়। মহাকাশচাৰী কেইগৰাকীয়ে কয়, যে দেশত বিজ্ঞান খণ্ডৰ যথেষ্ট প্ৰগতি হৈছে। তেওঁ লগতে ভাৰতীয় মহাকাশ খণ্ড সম্পৰ্কে মত প...

November 6, 2025 11:48 AM

views 83

দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি ড° জিতেন্দ্ৰ সিঙৰ

● কৰ্মচাৰী, ৰাজহুৱা ওজৰ-আপত্তি নিষ্পত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্ৰ সিঙে ২৫ লাখৰো অধিক লোকে ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ প্ৰস্তুত কৰাৰ বাবে মুখমণ্ডলৰ জৰিয়তে প্রমাণীকৰণৰ প্ৰক্ৰিয়া আঁকোৱালি লোৱা বুলি প্ৰকাশ কৰিছে। ড° সিঙে কালি নতুন দিল্লীত চতুৰ্থ ৰাষ্ট্ৰজোৰা ডিজিটেল জীৱিতৰ প্ৰমাণ পত্ৰ মুকলি কৰি এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে এই অভিযান ডিজিটেল ইণ্ডিয়া অনুযায়ী পেঞ্চন ধাৰকসকলৰ ডিজিটেল সৱলীকৰণৰ এটা অনন্য সুযোগ। তেওঁ কয়, যে পূৰ্বতে এনে প্ৰমাণ পত্ৰৰ বাবে বায়'মেট্ৰিকছ ব্য...

October 5, 2025 7:12 PM

views 83

উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি ড° জিতেন্দ্র সিঙৰ প্ৰকাশ

প্রধানমন্ত্রী কার্য্যালয় দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জিতেন্দ্র সিঙে উধামপুৰ বিমানবন্দৰৰ কাৰ্যকৰীকৰণ চূড়ান্ত কৰা হৈছে বুলি প্ৰকাশ কৰিছে। আনহাতে প্ৰস্তাৱিত কিষ্টৱাৰ বিমানবন্দৰক "উড়ান" আঁচনিত অন্তর্ভুক্ত কৰা হৈছে বুলিও তেওঁ প্ৰকাশ কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জন্মু-কাশ্মীৰৰ বিমান পৰিবহণ প্ৰকল্পৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে নিৰাপত্তাৰ দিশটোত গুৰুত্ব আৰোপ কৰি স্থানীয় লোকসকলক ব্যয়সাধ্য ভ্রমণ বিকল্প প্ৰদানৰ উদ্দেশ্যে আঞ্চলিক সংযোগ উন্নত কৰাৰ বিষয়ে আলোকপাত কৰে। উধ...

September 29, 2025 8:23 PM

views 126

জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ প্রকাশ

প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ অধীনত জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে আওহতীয়া অঞ্চলটোত কৃষি খণ্ডক উৎসাহিত কৰাৰ লগতে কৃষি উদ্যমীসকলকো সহায় কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাজেটত ছবছৰৰ বাবে দেশৰ ১০০ খন অভিলাষী কৃষি জিলা বিকশাই তোলাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা অহা মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ'ব। নিম্ন শস্য উৎপা...

September 8, 2025 9:47 PM

views 64

বিজ্ঞান প্রশাসকৰ বাবে বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙৰ

কেন্দ্রীয় মন্ত্রী ড° জীতেন্দ্র সিঙে বিজ্ঞান প্রশাসকসকলৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীয়ে প্ৰস্তুত কৰি উলিওৱা এটা বিশেষ ৭ দিনীয়া আৱাসীক প্ৰশাসনিক প্রশিক্ষণ কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। শ্রীসিঙে এই পদক্ষেপক অতিকৈ প্ৰয়োজনীয় আৰু প্ৰভাৱশালী বুলি মন্তব্য কৰি এই প্ৰশিক্ষণ কাৰ্যসূচী অসামৰিক সেৱাৰ প্ৰশিক্ষণ প্ৰণালীৰ সৈতে সামঞ্জস্য ৰাখি প্ৰস্তুত কৰা হৈছে বুলি জানিবলৈ দিয়ে। দেশৰ বৈজ্ঞানিক অগ্ৰগতিৰ বাবে মানৱ সম্পদৰ সামৰ্থ বৃদ্ধি অতিকৈ প্ৰয়োজনীয় উপাদান বুলিও মন্ত্ৰীগৰাকীয়ে লগতে কয়। এই বিশেষ...

August 18, 2025 8:43 PM

views 71

ভাৰতীয় বিমান সেৱা বাহিনীৰ গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লাৰ সফলতাক লৈ সমগ্ৰ দেশবাসীয়ে গৌৰৱ অনুভৱ কৰিছেঃ ড° জীতেন্দ্ৰ সিঙ

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি ২০৩৫ চনৰ ভিতৰত কাৰ্যক্ষম ভাৰতীয় অন্তৰীক্ষ কেন্দ্ৰ স্থাপন কৰা আৰু ২০৪০ চনৰ ভিতৰত ভাৰতে চন্দ্ৰপৃষ্ঠলৈ মানৱ অভিযান প্ৰেৰণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোঁহাৰিছে। তেওঁ কয়, যে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্য পূৰণৰ ক্ষেত্ৰত এনেধৰণৰ অভিযানে বিশেষ গুৰুত্ব প্ৰদান কৰিব। লোকসভাত আজি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত ভাৰতৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ আন্তৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণ আৰু মহাকাশ অভিযানৰ গুৰুত্বপূৰ্ণ অৱদান...

August 2, 2025 8:17 PM

views 78

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীৰ উলুবাৰীত কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধীকৰণৰ নতুন আদালত আৰু কার্যালয় উদ্বোধন

প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে আজি গুৱাহাটীৰ উলুবাৰীৰ কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণৰ গুৱাহাটী শাখাৰ নতুন আদালত আৰু কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে ড° সিঙে কয়, যে বিগত ১০ বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অগ্ৰাধিকাৰৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আমূল পৰিৱৰ্তন হৈছে। নৰেন্দ্ৰ মোদীৰ শাসনকালত অঞ্চলটোত ৰে'ল পথ যোগাযোগ সূদৃঢ় হোৱাৰ লগতে ন ন প্রকল্প ৰূপায়িত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ২০১৪ চনৰ পূৰ্বে কেন্দ্ৰীয় প্রশাসনিক ন্যায়াধিকৰণত ব্...

July 10, 2025 12:15 PM

views 71

কেন্দ্রীয় ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ

জনসাধাৰণৰ সন্তুষ্টিৰ বাবে ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন অনাটো প্রয়োজনীয় বুলি কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে প্ৰকাশ কৰে। নতুন দিল্লীত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় কৰ্মশালাত ড০ সিঙে কয়, যে প্রশাসনীয় নিয়ম আৰু নীতিৰ ক্ষেত্ৰত সুৰুঙাসমূহ দেখুৱাই বিশেষ ভূমিকা গ্ৰহণ কৰা অভিযোগসমূহক আমি সুযোগ বুলি গ্ৰহণ কৰা উচিত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ব্যৱস্থাৰ সংস্কাৰ সাধন আৰু দৈনন্দিন জীৱন সুচল কৰি তোলাৰ ক্ষেত্ৰত অভিযোগসমূহ এক সাধন হ'ব...

June 23, 2025 8:24 PM

views 71

বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছেঃ ড° জীতেন্দ্ৰ সিং

বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে বিগত ১১ বছৰত প্ৰযুক্তি দেশৰ উন্নয়নৰ চালিকাশক্তিত পৰিণত হৈছে বুলি প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি বিগত এঘাৰ বছৰত বৈজ্ঞানিক সাফল্য সন্দৰ্ভত এখন সংবাদমেলত ভাষণ দি ড° সিঙে কয় যে ২০১৪ চনত দেশত কেৱল ৫০ টা জৈৱ প্ৰযুক্তি ষ্টার্টআপ আছিল যিটো বৰ্তমান সময়ত ১০ হাজাৰতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ ধাৰণাত গুৰুত্ব আৰোপ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বহনক্ষম উন্নয়নৰ বাবে জৈৱ বিচিত্ৰতাক অন্যতম গুৰুত্বপূৰ্ণ সম্পদ বুলি অভিহিত কৰে। ড° স...

June 15, 2025 8:54 PM

views 83

গৱেষণা আৰু উদ্ভাৱনৰ সূচলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এটা বিশেষ নীতিৰ সংস্কাৰৰ বিষয়ে বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জীতেন্দ্ৰ সিঙৰ ঘোষণা

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জীতেন্দ্ৰ সিঙে আজি দেশজুৰি বৈজ্ঞানিক, শিক্ষাবিদ, গৱেষক, উদ্ভাৱক তথা প্ৰতিষ্ঠানসমূহলৈ দীৰ্ঘ অপেক্ষাৰ অন্তত সকাহ প্ৰদান কৰি গৱেষণা আৰু উদ্ভাৱনৰ সূচলতা ত্বৰান্বিত কৰাৰ উদ্দেশ্যে এটা বিশেষ নীতিৰ সংস্কাৰৰ বিষয়ে ঘোষণা কৰিছে। ড০ সিঙে আজি নতুন দিল্লীত কয় যে এই পদক্ষেপৰ জৰিয়তে দেশৰ বিজ্ঞান খণ্ডৰ কৰ্ণধাৰসকলৰ ওপৰত থকা বিশ্বাস প্ৰতিফলিত হৈছে। মোদী চৰকাৰে তেওঁলোকক স্পষ্টভাৱে এই বিশ্বাসৰ বাৰ্তা দিয়াৰ লগতে তেওঁলোকৰ প্ৰতি থকা সদভাৱ আৰু প্ৰতিশ্ৰুতিবদ্ধতা প্রতিফলিত কৰিছে।