May 6, 2025 8:07 PM
67
মহাকাশ আৰু গভীৰ সমুদ্ৰৰ অন্বেষণৰ দিশৰ পৰা ২০২৬ বৰ্ষ ভাৰতৰ বাবে এটা উল্লেখনীয় বৰ্ষ- ড° জীতেন্দ্ৰ সিঙ
গগনযান অভিযান সফল কৰি তোলাৰ ক্ষেত্ৰত নৌ সেনাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মহাকাশ আৰু পাৰমানবিক শক্তি ৰাজ্যমন্ত্ৰী ড° জীতেন্দ্ৰ সিঙে প্রকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে মহাকাশ আৰু গভীৰ সমুদ্ৰৰ অন্বেষণৰ দিশৰ পৰা ২০২৬ বৰ্ষ ভাৰতৰ বাবে এটা উল্লেখনীয় বৰ্ষ হ'ব। ৰকেট উদ্যমৰ বাবে মহাকাশ বিভাগে নতুন আৰ্হি আৰু পি এম গতিশক্তি, স্বামীত্ব, স্মার্ট ছিটি আৰু অমৃতৰ দৰে ৰাষ্ট্ৰীয় কাৰ্যসূচীসমূহত মহাকাশ আৰু ড্রোন প্ৰযুক্তিৰ বৰ্ধিত ব্যৱহাৰৰ বিষয়ে তেওঁ আলোকপাত...