কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ বাবে আহ্বান জনাইছে। ড০ সিঙে কয়, যে এনে সমন্বয়ৰ বাবে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎসালয়ে সফলতা অৰ্জন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয়, যে চৰকাৰে দেশৰ দুৰ্গম এলেকাৰ নাগৰিকসকলক প্ৰতিৰোধমূলক স্বাস্থ্য সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী উভয়খণ্ডৰ চিকিৎসালয় আৰু নাৰ্চিহোমসমূহৰ মাজত সমন্বয়ৰ প্ৰচেষ্টাত উদগনি যোগাই আহিছে। মন্ত্ৰীগৰাকীয়ে কালি জম্মু-কাশ্মীৰৰ আখৰৰ নীলকণ্ঠ স্বাস্থ্য সেৱা আৰু চিকিৎসালয় মুকলি কৰি এইদৰে প্ৰকাশ কৰে।
Assamese | February 23, 2025 11:24 AM | Dr. Jitendra Singh
জনসাধাৰণলৈ উন্নত আৰু গুণগত চিকিৎসা সেৱাৰ উদ্দেশ্যে ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ মাজত অধিক সমন্বয়ৰ আহ্বান কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙৰ