কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰ্যালয়ে আয়োজন কৰা একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ আই আই এছ এফ আজিৰে পৰা হাৰিয়ানাৰ পঞ্চকুলাৰ দছেৰা মৈদানত অনুষ্ঠিত হৈছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি আনুষ্ঠানিকভাৱে এই মহোৎসৱ মুকলি কৰে। উদ্বোধনী অনুষ্ঠানত মহাকাশচাৰী কেপ্তেইন শুভাংশু শুক্লাই শিক্ষাৰ্থী আৰু যুৱ বিজ্ঞানীসকলৰ সৈতে তেওঁৰ অভিজ্ঞতা ভগাই লয়। মহাকাশচাৰী কেইগৰাকীয়ে কয়, যে দেশত বিজ্ঞান খণ্ডৰ যথেষ্ট প্ৰগতি হৈছে। তেওঁ লগতে ভাৰতীয় মহাকাশ খণ্ড সম্পৰ্কে মত প্ৰকাশ কৰে।
Assamese | December 6, 2025 8:03 PM | Akashvani | Akashvani News | Dr. Jitendra Singh | India International Science Festival
আনুষ্ঠানিকভাৱে মুকলি একাদশ ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ