প্রধানমন্ত্রী ধন ধান্য কৃষি যোজনাৰ অধীনত জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙে প্রকাশ কৰিছে। তেওঁ কয়, যে এই পদক্ষেপে আওহতীয়া অঞ্চলটোত কৃষি খণ্ডক উৎসাহিত কৰাৰ লগতে কৃষি উদ্যমীসকলকো সহায় কৰিব। উল্লেখযোগ্য যে, কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বৰ্ষৰ বাজেটত ছবছৰৰ বাবে দেশৰ ১০০ খন অভিলাষী কৃষি জিলা বিকশাই তোলাৰ কথা ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী ধন ধান্য কৃষি যোজনা অহা মাহত আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব। নিম্ন শস্য উৎপাদনৰ পৰিমাণকে ধৰি কেইবাটাও বিষয়ৰ ওপৰত লক্ষ্য ৰাখি অভিলাষী কৃষি জিলাসমূহ বাচনি কৰা হৈছে।
Assamese | September 29, 2025 8:23 PM | Dr. Jitendra Singh
জম্মু আৰু কাশ্মীৰৰ কিস্তৱাৰ জিলাক অভিলাষী কৃষি জিলা হিচাপে বাছনি কৰা হৈছে বুলি বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্রী ড০ জিতেন্দ্র সিঙৰ প্রকাশ