এতিয়া ভূ-স্থানীয় প্রযুক্তি কেৱল মেপিঙৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ প্ৰতিৰক্ষা আৰু লজিষ্টিকৰ দৰে বিভিন্ন ধাৰাত উৎকৃষ্টতা প্ৰদৰ্শন কৰিছেঃ ড° জীতেন্দ্র সিং

বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্র সিঙে কয় যে এতিয়া ভূ-স্থানীয় প্রযুক্তি কেৱল মেপিঙৰ মাজতে সীমাবদ্ধ হৈ থকা নাই বৰঞ্চ প্ৰতিৰক্ষা আৰু লজিষ্টিকৰ দৰে বিভিন্ন ধাৰাত উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে।

তেওঁ নতুন দিল্লীত ভূ-স্থানীয় ৰূপান্তৰৰ বাবে চৰকাৰ-উদ্যোগৰ পাৰস্পৰিক সহযোগিতাৰ এখন যৌথ কৰ্মশালাত ভাষণ প্রদান কৰি এইদৰে কয়। ড° সিঙে নতুন ষ্টার্টআপ আৰু উদ্যোগীসকলক অন্তৰ্ভুক্তিকৰণেৰে জিঅ’স্পেচিয়েল টেকনলজিৰ ব্যাপক বৃদ্ধিৰ বাবে আস্থা প্ৰকাশ কৰে ৷

উল্লেখযোগ্য যে ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু জৰীপ বিভাগে বিকশিত ভাৰত ২০৪৭ ৰ বাবে ভূ-স্থানীয় অৰ্থনীতিৰ সহ সৃষ্টিৰ বিষয়বস্তুৰে এই কৰ্মশালাখন আয়োজন কৰিছিল।