কেন্দ্রীয় মন্ত্ৰী ড০ জিতেন্দ্র সিঙে নীট প্রশ্নকাকত ফাদিল বিষয়ৰ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকলক আলোচনাৰ বাবে আহিবলৈ আহ্বান জনাইছে। তেওঁ কয়, যে চৰকাৰ সকলো বিষয়তে আলোচনাৰ বাবে সাজু আছে। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে যোৱা ২৪ ঘণ্টাত চলি থকা প্ৰতিবাদৰ ছাত্ৰ প্রতিনিধিসকলক আলোচনাৰ বাবে চাৰিটাকৈ প্ৰস্তাৱ দিয়া হৈছে।
তেওঁ প্ৰতিবাদকাৰী যুৱক-যুৱতীসকলক আলোচনাৰ বাবে স্থায়ী আমন্ত্ৰণ পত্ৰ প্ৰদান কৰি আলোচনাৰ সময়ত কেন্দ্রীয় মন্ত্রী জে পি নাড্ডা আৰু তেওঁ উপস্থিত থাকিব বুলি আশ্বাস দিয়ে। কেন্দ্রীয় মন্ত্রী জে পি নাড্ডাৰ বাসগৃহত অথবা তেওঁৰ কাৰ্য্যালয়ত মুকলি মনেৰে আলোচনা অনুষ্ঠিত কৰিব পৰা যাব বুলিও তেওঁ অৱগত কৰে। তেওঁ লগতে কয়, যে আলোচনা অবিহনে কোনো বিষয়ৰ সমাধান সম্ভৱ নহয়।