কেন্দ্রীয় মন্ত্রী ড০ জিতেন্দ্র সিঙে আজি কৈছে যে দেশৰ মহাকাশ অর্থনীতি পৰৱৰ্তী দশকত বৰ্তমানৰ ৮০০-৯০০ কোটি আমেৰিকান ডলাৰৰ পৰা ৪০০০-৪৫০০ কোটি আমেৰিকান ডলাৰলৈ উন্নীত হোৱাৰ বাবে সাজু হৈছে।
নতুন দিল্লীত এখন সংবাদমেলত সম্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে নীতি সংস্কাৰ, বর্ধিত ব্যক্তিগত অংশগ্রহণ তথা দ্রুতভাৱে সম্প্ৰসাৰিত উদ্ভাৱনী পৰিবেশতন্ত্ৰৰ জৰিয়তে এই অগ্রগতি সম্ভৱ হৈ উঠিছে।
ড০ সিঙে কয় যে দেশৰ মহাকাশ খণ্ডৰ এই প্ৰগতিয়ে দেশজুৰি হোৱা বৃহৎ পৰিৱৰ্তন প্রতিফলিত কৰে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে গৱেষণাগাৰৰ পৰিধি নেওচি ৰাষ্ট্ৰীয় সচেতনতাৰ অংশ হৈ পৰা বুলিও তেওঁ মন্তব্য কৰে।
সমাজ আৰু বিজ্ঞানৰ মাজত সম্পর্ক উন্নীত হোৱাটো শেহতীয়া বছৰসমূহত হোৱা আটাইতকৈ উল্লেখযোগ্য অগ্রগতি বুলিও মন্তব্য কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দিকদৰ্শনত বিজ্ঞান আৰু প্রযুক্তি খণ্ডত এই পৰিৱৰ্তন সাধিত হোৱা বুলি তেওঁ মন্তব্য কৰে।