কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই অসমৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ কৰ্মবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত ড° জীতেন্দ্র সিঙে অসমত দ্রুতগতিত চলি থকা উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইচ্ছাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই গতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিগত এটা দশকত অসমত হোৱা উন্নয়নৰ বিষয়েও আলোচনাত ঠাই পাই। মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত উদ্ভাৱন, বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তি নিৰ্ভৰ উন্নয়নক আগুৱাই নিয়াটো কেন্দ্ৰীয় চৰকাৰৰ অন্যতম অগ্ৰাধিকাৰ বুলি ৰণজিৎ‍ কুমাৰ দাসক অৱগত কৰে।

আলোচনাৰ সময়ত অসমৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ আন্তঃগাথনি অধিক সম্প্ৰসাৰণৰ সম্ভাৱনা আৰু যুৱ প্ৰজন্মৰ মাজত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বিষয়েও আলোচনা কৰা হয়। ইয়াৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ তথা জৈৱ প্ৰযুক্তি বিভাগৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়৷