September 2, 2026 9:04 PM

views 41

কেন্দ্ৰীয় মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ

অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসে আজি নতুন দিল্লীত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ড° জীতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই অসমৰ পৰিৱৰ্তিত পৰিস্থিতি আৰু দেশৰ উন্নয়নৰ ক্ষেত্ৰত অসমৰ কৰ্মবৰ্ধমান গুৰুত্বৰ বিষয়ে আলোচনা কৰে। এই আলোচনাত ড° জীতেন্দ্র সিঙে অসমত দ্রুতগতিত চলি থকা উন্নয়নমূলক কাম-কাজৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ইচ্ছাৰ বাবেই ৰাজ্যখনৰ বিভিন্ন উন্নয়নমূলক প্রকল্পই গতি লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। বিগত এটা দশকত অসমত হোৱা উন্নয়নৰ বিষয...

January 19, 2026 7:19 PM

views 43

বজালীৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ মন্ত্ৰী বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে

বজালী জিলাৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে। জিলাখনৰ বেলনা তিনিআলি চ'কৰ পৰা বেংজুলি মছজিদলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো মুকলি কৰাৰ ফলত অঞ্চলবাসী ৰাইজ উপকৃত হ'ব বুলি মন্ত্রী শ্রীদাসে আশা প্ৰকাশ কৰে।

December 20, 2024 8:47 PM

views 91

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন বৈঠকত বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক অভিযান সঞ্চালক নিবেদন দাস পাটোৱাৰীৰ লগতে অন্যান্য বিষয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত অভিযানৰ দ্বাৰা মহিলা আত্মসহায়ক গোটৰ জৰিয়তে মহিলা সৱলীকৰণৰ দিশত লৈ থকা বিভিন্ন পদক্ষেপৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ উপৰি দক্ষতা বিকাশৰ অন্যতম কাৰ্যসূচী দীনদয়াল উপাধ্যা...

December 18, 2024 1:11 PM

views 72

ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান

বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি চিৰাং, ধুবুৰী, কাৰ্বি আংলং, মাজুলী, শিৱসাগৰ, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাত প্ৰজ্ঞান ভাৰতীকে ধৰি কেইবাখনো আঁচনি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰীয়ে ৰূপায়ণ কৰিব। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত চিৰাং জিলাৰ কাজলগাঁৱত ছাত্ৰ-ছাত্ৰীৰ মাজত স্কুটী আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত আৰ্থিক পুৰস্কাৰ প্ৰদান কৰিছে। মন্ত্ৰীগৰাকীয়ে বিয়লিৰ ভাগত বঙাইগাঁও আৰু ধুবুৰী জিলাত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাজুলীত নন্দিতা গাৰ্লোৰ্ছা, শিৱসাগৰত ...

November 20, 2024 8:58 PM

views 58

ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ সভাকক্ষত পর্যালোচনা সভাত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ অংশগ্ৰহণ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ সভাকক্ষত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে। এই সভাত মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্রামীণ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, ৰেচন কাৰ্ড আদি বিভিন্ন বিষয় সন্দৰ্ভত কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই পর্যালোচনা সভাত মুখ্য কাৰ্যবাহী সদস্য দেবলাল গালোৰ্ছাকে ধৰি কাৰ্যবাহী সদস্য, সদস্যসকলৰ লগতে বিভাগীয় বিষয়াসকল উপস্থিত থাকে।

October 18, 2024 8:33 PM

views 81

মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰৰ আধাৰশিলা স্থাপন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ

গ্ৰামোন্নয়ন আৰু পঞ্চায়ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বাক্সা জিলাৰ মুছলপুৰত গ্ৰামোন্নয়ন বিভাগৰ সমল কেন্দ্ৰ এটাৰ আধাৰশিলা স্থাপন কৰে। জিলাখনৰ উন্নয়ন প্ৰশিক্ষণৰ সা-সুবিধা তথা সামর্থ্য বৃদ্ধিৰ লক্ষ্যৰে এই সমল কেন্দ্ৰটো নিৰ্মাণ কৰা হ'ব। প্ৰায় ২ কোটি টকা ব্যয়সাপেক্ষ এই সমল কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন অনুষ্ঠানত বি-টি-আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়োৰ লগতে হস্ততাঁত আৰু বস্ত্ৰ বিভাগৰ ৰাজ্যিক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম আদি উপস্থিত থাকে। এই উপলক্ষে মুছলপুৰ জিলা গ্রামোন্নয়ন অভিকৰণ...