বজালী জিলাৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী তথা পাটাচাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে। জিলাখনৰ বেলনা তিনিআলি চ’কৰ পৰা বেংজুলি মছজিদলৈ পথটো নিৰ্মাণ কৰা হৈছে। পথটো মুকলি কৰাৰ ফলত অঞ্চলবাসী ৰাইজ উপকৃত হ’ব বুলি মন্ত্রী শ্রীদাসে আশা প্ৰকাশ কৰে।
Assamese | January 19, 2026 7:19 PM | Akashvani | Akashvani News | Local news | Minister Ranjit Das
বজালীৰ বেলনাত ৯৬ লাখ টকা ব্যয় সাপেক্ষে নির্মিত এটা পথ মন্ত্ৰী বিধায়ক ৰঞ্জিত কুমাৰ দাসে মুকলি কৰে