ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী ২-৩ দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা

যোৰাবাটৰ ন-মাইল আৰু দহ-মাইলত ধাৰাসাৰ বৰষুণৰ ফলত কালি হোৱা কৃত্রিম বানৰ পাছত আজি অঞ্চলটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হৈছে।

দূৰণিলৈ যাবলগীয়া যান-বাহনসমূহ বোকাময় পথত কেইবাঘণ্টা ধৰি আৱদ্ধ হৈ আছে। বানৰ পাছত যোৰাবাটৰ পৰা খানাপাৰালৈকে অঞ্চলটো বোকাৰে ভৰি পৰিছে।

উল্লেখযোগ্য যে কৃত্রিম বানৰ ফলত কালি উজনি উত্তৰ আৰু মধ্য অসমলৈ যাবলগীয়া বহু যাত্ৰীয়ে কালি যাত্রা বাতিল কৰিবলগীয়া হয়। আৰক্ষীয়ে যোৰাবাটেৰে আহিবলগীয়া যান-বাহনৰ দিশো সলনি কৰে।

গুৱাহাটী অভিমুখে অহা যান-বাহনসমূহ ডিগাৰু হৈ গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁও তথা উজনিৰ দিশে যাবলগীয়া যান-বাহনসমূহ কইনাধৰাৰ পৰা নাৰেঙ্গী হৈ যাবলৈ নিৰ্দেশ দিয়া হয়।

ইফালে আজি পুনৰ হোৱা বৰষুণৰ ফলত গুৱাহাটীৰ জালুকবাৰী, ছয়মাইল, বেলতলা, পাণ্ডু খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্রিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে।

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি পৰৱৰ্তী ২-৩ দিনত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা আছে। ইয়াৰ ফলত স্পৰ্শকাতৰ অঞ্চলসমূহত ভূমিস্খলনৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পৰিস্থিতি পর্যবেক্ষণ কৰি আছে।