আজি বিশ্ব প্রতিষেধক দিৱস। বিভিন্ন মাৰাত্মক ৰোগৰ পৰা হাত সাৰিবলৈ সময়মতে টীকাকৰণ সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১০ নৱেম্বৰত এই দিৱস পালন কৰা হয়। প্ৰতিষেধকে মানুহৰ শৰীৰত বীজাণুৰ বিৰুদ্ধে যুঁজিবলৈ কৃত্ৰিম ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। প্ৰতিষেধক সন্দৰ্ভত মানুহক সজাগ কৰি তোলাও এই দিৱসৰ অন্যতম মূল উদ্দেশ্য। ২০১২ চনত বিশ্ব স্বাস্থ্য সংস্থাই প্ৰথমবাৰৰ বাবে এই দিৱসৰ আৰম্ভণি কৰিছিল।
এই দিৱস উপলক্ষে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই দেশৰ প্ৰতিগৰাকী শিশু আৰু গৰ্ভৱতী মহিলাৰ সুৰক্ষাৰ বাবে সময়মতে সম্পূৰ্ণ টীকাকৰণ কৰাৰ প্ৰতিশ্ৰুতিক দোহাৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়, যে প্রতিষেধকৰ জৰিয়তে পলিঅ’ নিৰ্মূলৰ ক্ষেত্ৰত দেশে সফলতা লাভ কৰিছে আৰু প্ৰসূতি তথা নৱজাতকৰ মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰতো আশানুৰূপ ফলাফল দেখা গৈছে। কেন্দ্রীয় মন্ত্রী নাড্ডাই সাৰ্বজনীন টীকাকৰণ কাৰ্যসূচী, U-WIN ডিজিটেল মঞ্চ আৰু ইন্দ্ৰধনুশ অভিযানৰ আদি সন্দৰ্ভত আলোকপাত কৰি কয়, যে এইবোৰ জীৱন ৰক্ষাকাৰী প্ৰতিষেধক বৰ্তমান সহজভ্য হৈ পৰিছে। তেওঁ কয়, যে কোনো শিশু অথবা গৰ্ভৱতী মহিলাই যাতে প্রতিষেধক লাভৰ পৰা যাতে বঞ্চিত নহয়, তাৰ বাবে গুৰুত্ব আৰোপ কৰে।