November 10, 2026 11:17 AM | Morigoan

printer

মৰিগাঁওত অত্যাধুনিক প্ৰতিৰক্ষা উদ্যান নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ তৎপৰতা

অসমত প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ প্ৰচেষ্টা হিচাপে ৰাজ্য চৰকাৰে মৰিগাঁও জিলাৰ নেলীত ৬ হাজাৰ বিঘা ভূমি সামৰি এখন অত্যাধুনিক প্ৰতিৰক্ষা উদ্যান নিৰ্মাণৰ দিশে অগ্ৰসৰ হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত মন্ত্ৰী পৰিষদৰ বৈঠকত এই সিদ্ধান্তত অনুমোদন জনোৱা হয়। ৰাজ্যত শেহতীয়াকৈ ছেমি কণ্ডাক্টৰ আৰু সাৰ উদ্যোগৰ দৰে গুৰুত্বপূৰ্ণ উদ্যোগ স্থাপনৰ সমান্তৰালভাৱে এই প্ৰতিৰক্ষা সামগ্ৰী নিৰ্মাণৰ বাবে প্ৰতিৰক্ষা উদ্যান নিৰ্মাণৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ জৰিয়তে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ অসমেও অৰিহণা আগবঢ়োৱাৰ সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰে ইতিমধ্যে যোৱা বছৰৰ ২৩ ফেব্ৰুৱাৰীত, অসম এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং পলিচী, ২০২৫-ৰ আনুষ্ঠানিকভাৱে অধিসূচনা জাৰি কৰিছিল। এই অভিলাষী নীতিয়ে এয়াৰক্ৰাফ্‌ট আৰু এৰোস্পেচ নির্মাণ, প্ৰতিৰক্ষাৰ অত্যাধুনিক সঁজুলি, সৰু অস্ত্ৰ- শস্ত্ৰ আৰু গোলা-বাৰুদ, মানৱবিহীন আকাশী যান বা ড্রোণ, এভিয়নেক্স আৰু চিমুলেচন, মেৰামতি আৰু তদাৰক সেৱা, প্ৰতিৰক্ষা সম্পৰ্কীয় গৱেষণা আৰু উন্নয়নৰ লগতে প্ৰতিৰক্ষা খণ্ডৰ ষ্টাৰ্টআপ আৰু এম এছ এম ই সমূহৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ণ দিশ সামৰি লৈছে।

বিনিয়োগকাৰীসকলক অধিক উৎসাহিত কৰিবলৈ বিশেষকৈ মূলধনী ৰাজসাহায্য, জি এছ টিৰ ৰাজ্যিক অংশৰ ক্ষতিপূৰণ, পৰিবহণ আৰু বিদ্যুৎ শক্তিৰ ক্ষেত্ৰত বিশেষ ৰাজসাহায্য, ভূমি আবণ্টনৰ ক্ষেত্ৰত ৰাজসাহায্য, গৱেষণাৰ বাবে আর্থিক সাহায্য আৰু উৎপাদনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত উদগণিমূলক সাহায্য আগবঢ়োৱা হ’ব। এই সকলোবোৰ সুবিধা নীতি নিৰ্ধাৰিত চৰ্তসাপেক্ষে প্ৰদান কৰা হ’ব, যাতে ৰাজ্যখনলৈ অহা প্ৰতিটো বিনিয়োগ সুৰক্ষিত আৰু ফলপ্ৰসূ হয়। অসম চৰকাৰৰ এই নীতি আৰু প্ৰতিৰক্ষা উদ্যান নিৰ্মাণৰ সিদ্ধান্তই অসমৰ অৰ্থনীতিলৈ প্ৰভূত সহায় আগবঢ়াব বুলি আশা কৰা হৈছে।