August 14, 2026 7:07 PM
8
মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত
কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিষয়া-কৰ্মচাৰীসকলক যোগ্য হিতাধিকাৰী, যোগ্য প্ৰকল্প, আর্থিক সহায়, সুদৰ ৰেহাই, ঋণৰ, নিশ্চিতকৰণ, ৰূপায়ণ ...