সমাগত স্বাধীনতা দিৱস উপলক্ষে আজি মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত অনামিকা তিৱাৰীৰ সভাপতিত্বত এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত অতিৰিক্ত আয়ুক্ত, চৰকাৰী বিভাগৰ মুৰববী বিষয়া আৰু বিভিন্ন বিভাগৰ প্ৰতিনিধিসকলৰ লগতে সমাজৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জিলা আয়ুক্তই এই বৈঠকত সমাগত স্বাধীনতা দিৱস উদযাপনৰ বিভিন্ন দিশৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা কৰি বিভাগসমূহক পাৰস্পৰিক সমন্বয়ৰ মাধ্যমেৰে দায়িত্বসমূহ সময়মতে সম্পন্ন কৰাৰ নিৰ্দেশ দিয়ে। বৈঠকত পেৰেড অনুশীলন, আনুষ্ঠানিক কাৰ্যসূচী, নিৰাপত্তা ব্যৱস্থা, যানবাহন নিয়ন্ত্রণ, পৰিচ্ছন্নতা, স্বাস্থ্য আৰু জৰুৰীকালীন সেৱা, সাংস্কৃতিক অনুষ্ঠান, জনসাধাৰণৰ সুবিধা আৰু অন্যান্য প্রয়োজনীয় ব্যৱস্থাসমূহৰ বিষয়ে বিতংকৈ আলোচনা কৰা হয়। জিলা আয়ুক্ত শ্ৰীমতী তিৱাৰীয়ে স্বাধীনতা দিৱসৰ মৰ্যাদা অটুত ৰাখি এই দিৱস শান্তিপূর্ণ, সু-শৃংখল আৰু সুকলমে অনুষ্ঠিত কৰাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষলৈ আহ্বান জনায়।
Assamese | July 20, 2026 7:53 PM | Morigoan
সমাগত স্বাধীনতা দিৱস উপলক্ষে মৰিগাঁও জিলা আয়ুক্তৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত