July 14, 2026 6:51 PM | Morigoan

printer

মৰিগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত বিশেষ কাৰিকৰী প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত

মৰিগাওঁ জিলা কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিভাগৰ কাৰ্যালয়ত এগ্ৰিষ্টেক পোৰ্টেল আৰু ডিজিটেল শস্য জৰীপ সম্পৰ্কীয় বিশেষ কাৰিকৰী প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়া দিলিপ কুমাৰ বৰাৰ সঞ্চালনাত অনুষ্ঠিত এই কাৰ্যসূচী কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যান মন্ত্ৰালয়ৰ পৰামৰ্শদাতা ৰূপক সিং আৰু প্ৰসন্ন শ‍ইকীয়াই সমল ব্যক্তি হিচাপে অংশ লয়। এই কাৰ্যসূচীত এগ্ৰিষ্টেক পোৰ্টেলৰ ব্যৱহাৰ, ডিজিটেল শস্য জৰীপ প্রক্রিয়া, জৰীপৰ সময়ত ল’বলগীয়া সাৱধানতা, কৃষক পঞ্জীয়ন, সাৰৰ সুষম প্রয়োগ নিশ্চিতকৰণ আদি বিষয়ত প্ৰশিক্ষণ দিয়া হয়।