August 14, 2026 7:07 PM | Morigoan

printer

মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত

কৃষি আন্তঃগাঁথনি পুঁজিৰ ফলপ্ৰসূ ৰূপায়ণ আৰু তৃণমূল পৰ্যায়ত সজাগতা বৃদ্ধিৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত, বিষয়া-কৰ্মচাৰীসকলৰ সামৰ্থ বিকাশ প্ৰশিক্ষণ কার্যসূচী অনুষ্ঠিত হয়। জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই কাৰ্যসূচীত কৃষি আন্তঃগাঁথনি পুঁজিৰ সফল ৰূপায়ণত কৃষি উন্নয়ন বিষয়া আৰু কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ ভূমিকা আৰু দায়িত্ব সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। বিষয়া-কৰ্মচাৰীসকলক যোগ্য হিতাধিকাৰী, যোগ্য প্ৰকল্প, আর্থিক সহায়, সুদৰ ৰেহাই, ঋণৰ, নিশ্চিতকৰণ, ৰূপায়ণ প্রক্রিয়া, বেংকৰ ঋণ মূল্যায়ণ প্রক্রিয়া, বাধ্যতামূলক নথিপত্ৰ আৰু অন্যান্য আঁচনিৰ সৈতে সমন্বয় আদিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষণৰ জৰিয়তে কৃষক, কৃষক উৎপাদন সংস্থা, উদ্যোগী আৰু অন্যান্য যোগ্য হিতাধিকাৰীসকলক কৃষিৰ আন্তঃগাঁথনি পুঁজিৰ সুবিধাসমূহৰ বিষয়ে সঠিকভাৱে অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। এনে প্রশিক্ষণ কাৰ্যসূচীয়ে কৃষিখণ্ডত আন্তঃগাঁথনি উন্নয়ন আৰু বিনিয়োগৰ পৰিৱেশ শক্তিশালী কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।