November 10, 2026 11:22 AM | missing election

printer

মিচিং আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

মিচিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। নির্বাচনৰ বাবে কালি ভালেসংখ্যক প্রার্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। কালিৰ দিনটোত ধেমাজি জিলাত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিৰ বাবে ৬৮ গৰাকী আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সমষ্টিৰ বাবে ১০গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰে। অন্যান্য প্রার্থীৰ লগতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ সদ্যপ্ৰাক্তন মুখ্য কাৰ্যবাহী পৰমানন্দ চায়েঙিয়া আৰু সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ সদ্যপ্ৰাক্তন মুখ্য কাৰ্যবাহী টংকেশ্বৰ সোণোৱালেও কালি মনোনয়ন দাখিল কৰে। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুঠ ৪০খন আসনৰ ভিতৰত ধেমাজি জিলাত ১৭খন আসন আছে। এই আসনকেইখনৰ বাবে ২ লাখ ৪৫ হাজাৰ ২১৯ গৰাকী ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। মিছিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত ৬ লাখ ৩৫ হাজাৰ ৪৯৩ গৰাকী ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৩ লাখ ১৭ হাজাৰ ২৯৭ গৰাকী পুৰুষ আৰু ৩ লাখ ১৮ হাজাৰ ১৯৪ গৰাকী মহিলা ভোটদাতা। নিৰ্বাচনৰ বাবে এহেজাৰ ৩২ টা ভোটগ্রহণ কেন্দ্ৰ স্থাপন কৰা হ’ব। আয়োগে প্ৰতিগৰাকী প্ৰাৰ্থীৰ নিৰ্বাচনী ব্যয়ৰ সৰ্বোচ্চ সীমা ২ লাখ টকালৈকে ধাৰ্য্য কৰিছে।

ইপিনে, সোণোৱাল কছাৰী স্বায়ত্তশাসিত নিৰ্বাচনৰ বাবে কালি ডিব্ৰুগড় জিলাৰ ছটা পৰিষদীয় সমষ্টিত ৩৬ খন মনোনয়ন পত্র দাখিল কৰা হয়। মিছিং স্বায়ত্তশাসিত পৰিষদ আৰু সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত এইবাৰ কোনোধৰণৰ দলীয় প্রতীক নাথাকে। পঞ্চায়ত নিৰ্বাচনৰ দৰেই স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। ১২ নৱেম্বৰত মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰাৰ লগতে বৈধ প্রার্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। ১৬ নৱেম্বৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন আৰু সেইদিনাই প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰা হ’ব। ৩০ নৱেম্বৰৰ পুৱা চাৰে ৭ বজাৰ পৰা বিয়লি ৪ বজালৈ ভোটগ্রহণ অনুষ্ঠিত হ’ব। প্রয়োজন সাপেক্ষে ১ ডিচেম্বৰত পুনৰ ভোট গ্রহণ কৰা হ’ব । ৩ ডিচেম্বৰৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা অনুষ্ঠিত হ’ব। নির্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ অন্তিম দিন ৫ ডিচেম্বৰ ধাৰ্য্য কৰা হৈছে। সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ বাবে ১ লাখ ৬৩ হাজাৰ ৯৬৬ গৰাকী ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিব পাৰিব। ইয়াৰে ৭৯ হাজাৰ ২৯৫ জন পুৰুষ আৰু ৮৪ হাজাৰ ৬৬৭ গৰাকী মহিলা ভোটাদাতা।