July 21, 2026 7:27 PM

মিচিং স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি

ৰাজ্যিক নির্বাচন আয়োগে বানৰ প্ৰতি লক্ষ্য ৰাখি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ আসন্ন নিৰ্বাচনৰ বাবে ভোটাৰ তালিকা প্ৰকাশৰ সময়সূচী কিছু সলনি কৰিছে। সেই অনুসৰি অহা ২৯ জুলাইত খছৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ভোটাৰ তালিকা সন্দৰ্ভত কিবা ওজৰ আপত্তি থাকিলে ১৩ আগষ্টৰ ভিতৰত জনাব পৰা যাব আৰু ২০ আগষ্ট ওজৰ আপত্তি নিষ্পত্তিৰ অন্তিম দিন ধাৰ্য কৰা হৈছে। ২৪ আগষ্টত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব ।