September 11, 2026 7:49 PM | missing election

printer

মিছিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, ২০২৬ ৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

সমাগত মিছিং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন, ২০২৬ ৰ বাবে ২৬-বুৰুলী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি বিয়লি ৩ বজাত তেজপুৰস্থিত শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তৰ কাৰ্য্যালয়ৰ কক্ষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অসম ৰাজ্যিক নির্বাচন আয়োগৰ নিৰ্দেশনাত যোৱা ১ জানুৱাৰীক যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে গণ্য কৰি মিছিং স্বায়ত্ব শাসিত পৰিষদৰ নিয়ম ২০০৫ৰ নিয়ম –১৬ ৰ অধীনত এই চুড়ান্ত ভোটাৰ তালিকাখন প্ৰস্তুত কৰা হয় ৷ প্রকাশিত চৰকাৰী তথ্য অনুসৰি ২৬-বুৰুলী সমষ্টিৰ অন্তৰ্গত মুঠ ১৭ টা ভোটগ্রহণ কেন্দ্ৰ আৰু ২৩ খন অধিসূচিত মিছিং গাওঁ আছে। পূৰ্বৰ খচৰা ভোটাৰ তালিকাত তিনিহাজাৰ ৭০৫ গৰাকী পুৰুষ আৰু তিনিহাজাৰ ৬৪৪ গৰাকী মহিলাকে ধৰি মুঠ ৭ হেজাৰ ৩৪৯ গৰাকী ভোটাৰ আছিল। ইফালে আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাই ৭ হেজাৰ ৫০৪ গৰাকী হৈছেগৈ। জনসাধাৰণে নিজৰ নাম অসম ৰাজ্যিৰ নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট ermssec.assam.gov.in ত নির্বাচন আয়োগে প্ৰদান কৰা EPIC নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি বেৱছাইটৰ চিটিজেন কর্ণাৰৰ পৰা নিজৰ ভোটগ্রহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। এই তালিকাখন শোণিতপুৰ জিলাৰ চৰকাৰী ৱেবচাইট sonitpur.gov.in টো ৰাইজৰ সুবিধার্থে উপলব্ধ কৰা হৈছে বুলি শোণিতপুৰৰ জিলা আয়ুক্তৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে ।