November 10, 2026 11:51 AM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ জনসাধাৰণক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে সমষ্টিটোৰ জনসাধাৰণক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি পালন কৰিব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয়, যে কংগ্ৰেছৰ দৰে নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি বিজেপিয়ে নাপাহৰে। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ তিনিচুকীয়াত অনুষ্ঠিত বিজয় সভাত সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে লাহৰিঘাট সমষ্টিৰ সকলো মৌলিক সমস্যা সমাধানৰ বাবে চৰকাৰ বদ্ধপৰিকৰ বুলি কয়। নগাঁও লোকসভা সমষ্টিৰ সাংসদ দেৱাশিষ শৰ্মাৰ জৰিয়তে সমষ্টিটোৰ সকলো কাম আগবঢ়াই নিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে। লাহৰিঘাট সমষ্টিৰ সকলো যোগ্য হিতাধিকাৰীক অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰাৰ লগতে লাহৰিঘাটত বিজ্ঞান মহাবিদ্যালয়, অগ্নি নির্বাপন বাহিনী কেন্দ্র স্থাপনৰো তেওঁ আশ্বাস দিয়ে। আন সমষ্টিৰ সমানে সমানে লাহৰিঘাট সমষ্টিৰো উন্নয়ন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্রকাশ কৰে ৷

অনাগত দিনত অসম বিধানসভাৰ ১২৬ খন আসনে বিজেপিয়ে দখল কৰিব বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়। ২০৩১ চনৰ নিৰ্বাচনৰ বাবে এই লক্ষ্য লৈ বিজেপিয়ে মিছন আৰম্ভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে।