October 7, 2026 11:38 AM

views 9

৭৬.২-০ শতাংশ ভোটদানেৰে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটদান সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণত ৭৬ দশমিক ২-০ শতাংশ ভোটদান হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে দুই-এঠাইত ইভিএমৰ বিসংগতি তথা সৰু-সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সর্বাধিক ৮০ দশমিক ৩-৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৰহাত সর্বনিম্ন ৭০ দশমিক ৬-৭ শতাংশ ভোটদান হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্রহণ কেন্দ্ৰৰ পৰা দায়িত্বত নিয়োজিত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে নিশা পর্যন্ত কটকটী...

October 4, 2026 7:51 PM

views 8

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাওঁ আৰু মৰিগাওঁ চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হ'ব। ভোটগ্ৰহণৰ বাবে এঘাৰ হাজাৰ ৫৩৫ গৰাকী বিষয়া কৰ্মচাৰী আৰু দুহেজাৰ ৩০৭ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। লোকসভা সমষ্টিটোৰ উপ নির্বাচনৰ ভোটগ্রহণ দুহেজাৰ ৩০৭ টা কেন্দ্ৰত অনুষ্ঠিত হ'ব। প্ৰশাসনে ইয়াৰে ৬২৪ টা কেন্দ্ৰ ভিন ভিন দৃষ্টিকোণৰ পৰা স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে। এই স্পর্শকাতৰ ভোটগ্রহণ কেন্দ্ৰসমূহত পৰহিলৈ ৫৪ জন মাইক্রো অবজাৰভাৰে কাম-কাজ পর্যবেক্ষণ...

October 4, 2026 6:16 PM

views 10

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত আজিৰে পৰা সুৰাৰ বেচা-কিনা নিষিদ্ধ

কার্বি আংলং জিলা প্রশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ প্রক্রিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে । তাৰ উপৰি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’লে অথবা ৯ অক্টোবৰত ভোটগণনাৰ সময়তো এই নির্দেশ বাহাল থাকিব।

October 4, 2026 6:11 PM

views 1

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি আজি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। মন্ত্রী পীযুষ হাজৰিকাই আজি লাহৰিঘাট বিধানসভা সমষ্টিৰ ভুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এখন নির্বাচনী প্ৰচাৰত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। সামৰণি দিনটোত আজি বিজেপিয়ে দুহেজাৰ ৩০৯টা বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰ...

October 3, 2026 11:33 AM

views 10

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ ডচন স্কুল খেলপথাৰ, ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যাল...

September 24, 2026 8:47 PM

views 12

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্রক্রিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্রহণ কেন্দ্ৰভিত্তিক ইভিএমসম...

September 17, 2026 11:58 AM

views 18

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ২৫ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ২৫ গৰাকী প্ৰাৰ্থীয়ে ৩৫ খন মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। ইচ্ছ্যুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল চালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শর্মাই দলীয় নেতা-কর্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দা...

September 16, 2026 11:24 AM

views 36

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশিষ শর্মা, কংগ্ৰেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ব্যাপক প্রস্তুতি সম্পূর্ণ কৰিছে। বিজেপি প্রার্থী দেৱাশিষ শৰ্মাই ভালেসংখ্যক দলীয় নেতা-কর্মীক লগত লৈ নগাঁও জিলাৰ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিব। ইয়াৰ আগেয়ে নগাঁও চহৰৰ দচন স্কুল খেল পথাৰত ব...

September 15, 2026 12:19 PM

views 34

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়। ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্রাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে। এ আই ইউ ডি এফেও প্রার্থীত্ব প্...

September 14, 2026 1:13 PM

views 29

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে মনোনয়ন পত্র দাখিলৰ অন্তিম তাৰিখলৈ মাজত এটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে নিৰ্বাচনক লৈ তৎপৰতা অব্যাহত ৰাখিছে। সমষ্টিটোৰ বিজেপি প্রার্থী দেবাশীষ শৰ্মাই বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতে মত বিনিময় কৰিছে। প্ৰাৰ্থীগৰাকীয়ে কালি নগাঁও জিলা বিজেপি কাৰ্যালয়ত দলৰ কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে। ১৬ ছেপ্তেম্বৰত প্ৰাৰ্থীৰ্গৰাকীয়ে মনোনয়ন পত্র দাখিল কৰিব বুলি জানিবলৈ দিয়ে। বিজেপিৰ নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি সমষ্টিৰ গড়াজান মণ্ডলৰ উ...