September 15, 2026 12:19 PM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে শিৱামণি বৰাক কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ নাম আনুষ্ঠানিকভাৱে কালি ঘোষণা কৰা হয়।

ইপিনে শাসকীয় বিজেপিয়ে সমষ্টিটোত আগ্রাসী প্ৰচাৰ চলাইছে। দলটোৱে দেৱাশীষ শৰ্মাক প্ৰাৰ্থী হিচাপে ইতিমধ্যে ঘোষণা কৰিছে। তেওঁ বিভিন্ন স্থানত দলীয় সভাত অংশগ্ৰহণ কৰাৰ লগতে ভোটদাতাৰ সৈতেও মত বিনিময় কৰিছে। কাইলৈ তেওঁ মনোনয়ন পত্র দাখিল কৰিব। মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া উপস্থিত থকাৰ সম্ভাৱনা আছে।

এ আই ইউ ডি এফেও প্রার্থীত্ব প্ৰদানৰ উদ্দেশ্যে কালি দলীয় বৈঠক অনুষ্ঠিত কৰিছিল যদিও প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱা নাই। আজি বদৰুদ্দিন আজমলৰ নেতৃত্বত পুনৰ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছে আৰু এই বৈঠকৰ পাছতে দিনৰ দুই বজাত প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে।

আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব। এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্রার্থীসকলে অহা ১৬ ছেপ্তেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।