October 4, 2026 7:51 PM | Nagoan election

printer

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা

নগাওঁ লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে ভোটগ্ৰহণকাৰী বিষয়াৰ দলসমূহ কাইলৈ নগাওঁ আৰু মৰিগাওঁ চহৰৰ পৰা নিৰ্দিষ্ট ভোটগ্রহণ কেন্দ্ৰলৈ ৰাওনা হ’ব। ভোটগ্ৰহণৰ বাবে এঘাৰ হাজাৰ ৫৩৫ গৰাকী বিষয়া কৰ্মচাৰী আৰু দুহেজাৰ ৩০৭ জন নিৰাপত্তাৰক্ষী নিয়োগ কৰা হৈছে। লোকসভা সমষ্টিটোৰ উপ নির্বাচনৰ ভোটগ্রহণ দুহেজাৰ ৩০৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব। প্ৰশাসনে ইয়াৰে ৬২৪ টা কেন্দ্ৰ ভিন ভিন দৃষ্টিকোণৰ পৰা স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে। এই স্পর্শকাতৰ ভোটগ্রহণ কেন্দ্ৰসমূহত পৰহিলৈ ৫৪ জন মাইক্রো অবজাৰভাৰে কাম-কাজ পর্যবেক্ষণ কৰিব। ভোটগ্রহণ সূচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে নগাওঁ জিলা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। নিৰ্বাচনৰ ৰিটার্ণিং বিষয়া তথা নগাওঁ জিলাৰ আয়ুক্ত আৰণ্যক শ‍ইকীয়াই এখন অধিসূচনাযোগে এই নিষেধাজ্ঞা জাৰি কৰে। এই অনুসৰি যিকোনো ৰাজনৈতিক সভা-সমিতি, সমদল, সমাবেশ, প্ৰচাৰ কাৰ্য আদি নিষিদ্ধ ঘোষণা কৰা হৈছে। ৰাজনৈতিক উদ্দেশ্যৰে ৫ জনতকৈ অধিক লোকৰ সমাগমত বাধা আৰোপ কৰা হৈছে।

উল্লেখযোগ্য যে সংসদীয় সমষ্টিটোৰ অন্তৰ্গত নগাওঁ আৰু মৰিগাওঁ জিলাৰ মুঠ ৮ টা বিধানসভা সমষ্টিৰ ১৯ লাখ দুহেজাৰ ৯ জন ভোটদাতা আছে। ইয়াৰে ৯ লাখ ৫৮ হাজাৰ ৫৯৫ জন পুৰুষ, ৯ লাখ ৪৩ হাজাৰ ৩৬৪ গৰাকী মহিলা আৰু ৫০ গৰাকী তৃতীয় লিংগৰ ভোটদাতা।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।