নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ২৫ গৰাকী প্ৰাৰ্থীয়ে ৩৫ খন মনোনয়ন দাখিল কৰিছে। মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ’ব। ইচ্ছ্যুক প্ৰাৰ্থীসকলে পৰহিলৈৰ ভিতৰত মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। মনোনয়ন দাখিল কৰা প্ৰাৰ্থীসকলৰ ভিতৰত বিজেপিৰ দেৱাশীষ শৰ্মা, কংগ্ৰেছৰ শিৱামণি বৰা, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল আৰু তৃণমূল কংগ্ৰেছৰ আব্দুল চালাম অন্যতম। মনোনয়ন পত্ৰ দাখিলৰ কালি অন্তিম দিনা
বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শর্মাই দলীয় নেতা-কর্মীক লগত লৈ নগাঁও জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰে। বিজেপি প্রার্থী দেৱাশিস শৰ্মাৰ সৈতে মনোনয়ন পত্র দাখিল পর্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্রী পীযূষ হাজৰিকাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰে ।
কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়াৰ কাৰ্যালয়লৈ গৈ মনোনয়ন দাখিল কৰে। মনোনয়ন দাখিল পর্বত অসম প্রদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীর্ষ নেতা উপস্থিত থাকে। কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এই নিৰ্বাচনক লৈ আশাবাদী বুলি প্ৰকাশ কৰে।
এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলেও ধিং গে’টত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমর্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰে। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱচিৰ আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক-প্রাক্তন বিধায়কে আজমলক সংগ দিয়ে। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামে মনোনয়ন পত্ৰ দাখিলৰ সময়ত মন্দিয়াৰ বিধায়ক চেৰমান আলী আহমেদ উপস্থিত থাকে।
উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।