October 4, 2026 6:16 PM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত আজিৰে পৰা সুৰাৰ বেচা-কিনা নিষিদ্ধ

কার্বি আংলং জিলা প্রশাসনে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত আজি বিয়লি ৫ বজাৰ পৰা হাওৰাঘাট আবকাৰী সীমামূৰীয়া এলেকাত সুৰা নিষিদ্ধ ঘোষণা কৰিছে। অহা ৬ অক্টোবৰত ভোটগ্রহণ প্রক্রিয়া শেষ নোহোৱা পৰ্যন্ত কাৰ্বি আংলং আৰু নগাঁও জিলা সীমান্তৱৰ্তী এলেকাসমূহত সুৰাৰ বেচা-কিনা নিষিদ্ধ কৰা হৈছে । তাৰ উপৰি পুনৰ ভোটগ্রহণ অনুষ্ঠিত হ’লে অথবা ৯ অক্টোবৰত ভোটগণনাৰ সময়তো এই নির্দেশ বাহাল থাকিব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।