October 3, 2026 11:33 AM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত

নগাঁও লোকসভা সমষ্টিৰ সমাগত উপ-নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান অব্যাহত আছে। শাসকীয় বিজেপিকে ধৰি বিৰোধী দলসমূহেও দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা, সমদল অনুষ্ঠিত কৰি ভোটদাতাসকলক আকৰ্ষণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি দলীয় প্রার্থী দেৱাশীষ শৰ্মাৰ হৈ সমষ্টিটোৰ কেইবাটাও স্থানত প্ৰচাৰ চলায়। নগাঁও চহৰৰ পানীগাঁও চাৰিআলিৰ ডচন স্কুল খেলপথাৰ, ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত বেচামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ আৰু দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা জয়ন্ত মল্লবৰুৱা, বিমল বৰা, সাংসদ যোগন মহনেও এই সভাত অংশ লয়।

সাংসদ গৌৰৱ গগৈৰ লগতে অসম কংগ্ৰেছৰ তত্বাৱধায়ক তথা চত্তিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী ভূপেশ ৱাঘেলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাৰ হৈ নিৰ্বাচনী সমদলত অংশগ্ৰহণ কৰে। একেদৰে বিধায়ক তথা এ আই ইউ ডি এফৰ প্রার্থী বদৰুদ্দিন আজমলেও সমষ্টিটোৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলাই আছে।

ইপিনে, নির্বাচন মুক্ত, নিৰপেক্ষ আৰু শান্তি-শৃংখলাময় পৰিবেশত সম্পন্ন কৰাৰ অৰ্থে জিলা প্ৰশাসনে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। সমষ্টিটোৰ বিভিন্ন স্পৰ্শকাতৰ অঞ্চলসমূহত আৰক্ষী প্ৰশাসনৰ উচ্চস্তৰীয় বিষয়া আৰু অৰ্ধসামৰিক বাহিনীৰ ফ্লেগ মাৰ্চ অব্যাহত আছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।