নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্ৰহণত ৭৬ দশমিক ২-০ শতাংশ ভোটদান হয়। আমাৰ নগাঁৱৰ সংবাদদাতাই জনোৱা মতে দুই-এঠাইত ইভিএমৰ বিসংগতি তথা সৰু-সুৰা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে প্ৰায়বোৰ ঠাইতে শান্তিপূর্ণভাৱে ভোটগ্রহণ অনুষ্ঠিত হয়। নিৰ্বাচনৰ আয়োগৰ তথ্য অনুসৰি চামগুৰি বিধানসভা সমষ্টিত সর্বাধিক ৮০ দশমিক ৩-৪ শতাংশ ভোটদান হোৱাৰ বিপৰীতে ৰহাত সর্বনিম্ন ৭০ দশমিক ৬-৭ শতাংশ ভোটদান হয়। জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভোটগ্রহণ কেন্দ্ৰৰ পৰা দায়িত্বত নিয়োজিত সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীসকলে নিশা পর্যন্ত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে ইভিএমসমূহ নগাঁৱৰ স্ট্রংৰুমত জমা দিয়ে।
এই উপ-নির্বাচনত ভাৰতীয় জনতা পাৰ্টি, কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ প্ৰাৰ্থীকে ধৰি মুঠ ১৫ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা ৯ অক্টোবৰত উপ-নিৰ্বাচনৰ ভোটগণনা কৰা হ’ব।