September 16, 2026 11:24 AM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। সমষ্টিটোৰ বিজেপি প্রার্থী দেৱাশিষ শর্মা, কংগ্ৰেছ প্রার্থী, প্রাক্তন বিধায়ক শিৱামণি বৰা আৰু এ আই ই ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলকে ধৰি কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি মনোনয়ন দাখিল কৰাৰ কথা। মনোনয়ন পত্ৰ দাখিলৰ বাবে তিনিওটা দলে ব্যাপক প্রস্তুতি সম্পূর্ণ কৰিছে। বিজেপি প্রার্থী দেৱাশিষ শৰ্মাই ভালেসংখ্যক দলীয় নেতা-কর্মীক লগত লৈ নগাঁও জিলাৰ ৰিটার্নিং বিষয়াৰ ওচৰত মনোনয়ন দাখিল কৰিব। ইয়াৰ আগেয়ে নগাঁও চহৰৰ দচন স্কুল খেল পথাৰত বিজেপিৰ ভালেসংখ্যক সমর্থক আৰু কাৰ্যকৰ্তা সমবেত হ’ব। মনোনয়ন পত্র দাখিল পর্বত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্ত মল্লবৰুৱাকে ধৰি শীৰ্ষ নেতৃবৰ্গই অংশগ্ৰহণ কৰিব।

কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই নগাঁও জিলা কংগ্ৰেছ কাৰ্যালয়ৰ পৰা সমদলেৰে জিলা ৰিটার্নিং বিষয়াৰ কার্যালয়লৈ গৈ মনোনয়ন দাখিল কৰিব। মনোনয়ন দাখিল পর্বত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাত বিৰোধী পক্ষৰ নেতা ৱাজেদ আলী চৌধুৰী, সাংসদ ৰকিবুল হুছেইনসহ দলটোৰ কেইবাগৰাকী শীর্ষ নেতা উপস্থিত থাকিব। ইপিনে, এ আই ইউ ডি এফৰ প্ৰাৰ্থী বদৰুদ্দিন আজমলে আজি দুপৰীয়াৰ ভাগত মনোনয়ন পত্ৰ দাখিল কৰাৰ কথা। তেওঁ ধিং গে’টত থকা নগাঁও জিলা কাৰ্যালয়ৰ পৰা দলীয় সমর্থক আৰু কৰ্মকৰ্তাসকলক লৈ মনোনয়ন দাখিল কৰিব। দলটোৰ সাধাৰণ সম্পাদক হাফিজ ৱচি আহমেদ, দলৰ আটাইকেইগৰাকী বিধায়ক-প্রাক্তন বিধায়কে আজমলক সংগ দিব। তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল ছালামেও আজি মনোনয়ন দাখিল কৰিব। কেইগৰাকীমান নিৰ্দলীয় প্ৰাৰ্থীয়েও মনোনয়ন দাখিল কৰাৰ সম্ভাৱনা আছে। নগাঁও জিলা প্ৰশাসনে মনোনয়ন দাখিলৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে। উল্লেখযোগ্য যে অহা ৬ অক্টোবৰত নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব। ৯ অক্টোবৰত ভোটগণনা কৰা হ’ব।