September 24, 2026 8:47 PM | Nagoan election

printer

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া সম্পন্ন

নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে ইভিএমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ড’মাইজেচন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হৈছে। নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত দুয়োখন নিৰ্বাচনী জিলাৰ বাবে এই প্রক্রিয়া নগাঁও জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰক্ৰিয়াত নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষক আৰু ৰাষ্ট্ৰীয় তথা ৰাজ্যিক স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধি উপস্থিত থাকে। উল্লেখযোগ্য যে ইভিএমসমূহত ভোটগ্রহণ কেন্দ্ৰৰ নম্বৰ সংযোজন কৰা হৈছে আৰু নগাঁও আৰু মৰিগাঁও দুয়োখন জিলাতে ভোটগ্রহণ কেন্দ্ৰভিত্তিক ইভিএমসমূহৰ পৃথকীকৰণৰ কাম চলি আছে। নগাঁও লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত আছে। ৰাজনৈতিক দলসমূহে সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ভোটদাতাসকলৰ মন জয় কৰাৰ চেষ্টা চলাইছে।

নির্বাচনী বিধি অনুযায়ী প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে কোনো ধৰণৰ নিৰ্বাচনী সভা-সমিতি, শোভাযাত্রা, সমাবেশ আদি কাৰ্যসূচী ৰূপায়ণ নকৰিবলৈ নগাঁও লোকসভা উপ-নিৰ্বাচনৰ ৰিটার্ণিং বিষয়া আৰু জিলাখনৰ আয়ুক্ত আৰণ্যক শ‍ইকীয়াই সকিয়াই দিছে। আজি জিলা নির্বাচনী বিষয়াগৰাকীয়ে এখন ৰাজহুৱা জাননীযোগে আগতীয়া অনুমতি অবিহনে বহুতো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে নিৰ্বাচনী সভা আৰু সমাবেশ অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে বুলি জানিবলৈ দিয়ে। তেওঁ প্ৰাৰ্থীৰ হাতপুথিৰ নিয়ম আৰু নিৰ্বাচন আয়োগৰ নির্দেশনা অনুযায়ী যিকোনো ৰাজহুৱা বা ব্যক্তিগত স্থানত নির্বাচনী সভা অনুষ্ঠিত কৰিবলৈ আগতীয়া অনুমতি লোৱাৰ বিষয়ত সকলো প্ৰাৰ্থী তথা তেওঁলোকৰ প্ৰতিনিধিসকলক সকিয়াই দিয়ে। তেওঁ কয় যে নিৰ্বাচনৰ আদৰ্শ আচৰণ বিধিৰ দ্বিতীয় অংশত এই বিষয়ে উল্লেখ আছে। এতিয়াৰে পৰা এই নিয়ম ভংগ কৰা কাৰ্যসূচী গ্ৰহণ কৰিলে বিধিসম্মতভাৱে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।