নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি পৰিছে। শাসকীয় বিজেপি আৰু বিৰোধী ৰাজনৈতিক দলসমূহে দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভা সমদল অনুষ্ঠিত কৰি আজি অন্তিম দিনা প্ৰচাৰ অভিযান চলায়। মন্ত্রী পীযুষ হাজৰিকাই আজি লাহৰিঘাট বিধানসভা সমষ্টিৰ ভুৰাগাঁও মণ্ডলৰ উদ্যোগত আয়োজিত এখন নির্বাচনী প্ৰচাৰত অংশ লৈ ৰাইজৰ সৈতে মত বিনিময় কৰে। সামৰণি দিনটোত আজি বিজেপিয়ে দুহেজাৰ ৩০৯টা বুথত পদযাত্ৰা কৰাৰ লক্ষ্য লয়। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰহাত নিৰ্বাচনী পদযাত্ৰাত অংশ লৈ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলায় ।
অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে কংগ্ৰেছ প্রার্থী শিৱামণি বৰাৰ সমৰ্থনত লাহৰিঘাটত প্ৰচাৰ অভিযান চলায়।
ইপিনে নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগ্রহণ সুকলমে আৰু শান্তিপূর্ণভাৱে সম্পন্ন কৰিবলৈ জিলা প্রশাসনে যাবতীয় প্রস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ইতিমধ্যে মৰিগাঁও জিলা ভ্ৰমণ কৰি উপ-নির্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুতিৰ বুজ লৈছে। ভোটগ্ৰহণৰ প্রাক মুহূৰ্তত অবৈধ ধন আৰু নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ ৰোধ কৰাৰ স্বাৰ্থত নিয়োজিত ফ্লায়িং স্কোৱাডে অভিযান অব্যাহত ৰাখিছে। জিলা প্ৰশাসনে নিৰ্বাচনত ধনৰ লেন দেন ৰোধ কৰাৰ বাবে গঠন কৰা ৪৫টা নিৰীক্ষণকাৰী দল আৰু ৪৫টা স্থায়ী নিৰীক্ষণকাৰী দলে বিভিন্ন প্ৰান্তত অভিযান চলাই আছে।