কালী পূজা আৰু দীপাৱলীৰ উখল-মাখল পৰিৱেশৰ মাজতে ৰাজ্যত যোৱা দুটা দিনত ডেৰশতাধিক সৰু-বৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নি নির্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি কালিৰ দিনটোত গুৱাহাটী মহানগৰীকে ধৰি নগাঁও, ধেমাজি, লখিমপুৰ আদিত কেইবাটাও অগ্নিকাণ্ড সংঘটিত হয়।
ধেমাজিৰ নলনী পামত কালি সংঘটিত অগ্নিকাণ্ডত ফাৰ্মাচীসহ কেইবাখনো ব্যৱসায়িক প্রতিষ্ঠান জুইত জাহ যায়। প্রাথমিক অনুসন্ধান মতে দীপাৱলীৰ চাকিৰ পৰাই এই অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনে পাছত জুই নুমুৱাবলৈ সমৰ্থ হয় বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে।
দীপাৱলীৰ আনন্দ উছাহৰ মাজতে কালি গধূলি গোলাঘাট জিলাৰ সৰু পথাৰত হোৱা অগ্নিকাণ্ডত এটা বাসগৃহ সম্পূৰ্ণৰূপে যাহ যায়। দীপাৱলীৰ আতচবাজীৰ পৰাই এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। মাজুলীতো কালি নতুন বজাৰ নিবাসী গণেশ দে নামৰ এজন লোকৰ কেইবাটাও ভাৰা ঘৰত জুই লগাৰ ফলত কেইবা লাখ টকাৰ সা-সামগ্ৰী ভষ্মীভূত হয়। তিনিচুকীয়াতো পৰহি নিশা দুটাকৈ স্থানত অগ্নিকাণ্ড সংঘটিত হয়। খেৰৰ মেজিত ফটকাৰ ফিৰিঙতি পৰি এই অগ্নিকাণ্ড হোৱা বুলি জানিব পৰা গৈছে।
কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰুদ্ৰেশ্বৰত যোৱা নিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। এটা প্লাষ্টিকৰ গুডামত জুই লগাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়। দীপাৱলীৰ ফতকাৰ পৰাই গুডামত জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। পাছত অগ্নি নির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ এই জুই নুমুৱাবলৈ সমর্থ হয়।