July 13, 2026 6:42 PM

views 17

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি

অৰুণাচল আৰু উজনি অসমত হোৱা প্ৰবল বৰষুণৰ ফলত ৰঙানদীৰ জলস্তৰ বৃদ্ধি পাইছে। জিলা দুর্যোগ প্রশমন বিভাগে বানৰ আশংকাত লখিমপুৰ জিলাত সতর্কতা জাৰি কৰিছে। প্ৰশাসনে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰোতে ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। ইপিনে, সোৱণশিৰি নদীৰো জলস্তৰ বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ধেমাজি জিলা প্ৰশাসনে সতর্কতা জাৰি কৰিছে। সোৱণশিৰিৰ উৎস আৰু অৰুণাচল প্ৰদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত বৃদ্ধি হোৱা জলস্তৰৰ ফলত ধন-জন ক্ষতিৰ আশংকাত সোৱণশিৰি নদী বা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বাস কৰা বাসিন্দাসকলক ...

July 10, 2026 6:55 PM

views 22

প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিদি দলৰ

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিদি দলে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ। নেতৃত্বত অহা ছজনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্রীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ বিলাত চাৰ্কোল আৰু লোৱাৰ চিয়াং জিলাৰ কোৰা চাৰ্কোলৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়। দলটোৱে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ ...

June 24, 2026 1:39 PM

views 33

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি অসম চৰকাৰে সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে

অসম চৰকাৰে অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰি জিলাত হোৱা ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু ইটানগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি নামনি সোৱণশিৰি জিলাৰ বিভিন্ন অঞ্চলত বিগত ২৪ ঘণ্টাত প্রায় ৭২.৮ মিলিমিটাৰ বৰষুণ হয়। কৃত্ৰিম উপগ্ৰহ আৰু ৰাডাৰৰ জৰিয়তে লাভ কৰা ছবিৰ পৰা আজি পুৱা ৬ বজাৰ পৰা চাৰে ৭ বজাত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত আকস্মিক বানৰ সৃষ্টি হৈছে আৰু নৈসমূহ ফেনে-ফোটোকাৰে উফন্দি উঠিছে। ৰঙানদী জ...

June 5, 2026 12:01 PM

views 23

অৰুণাচল প্ৰদেশ আৰু ধেমাজিত নেৰানেপেৰা বৰষুণৰ ফলত নাহৰ নৈৰ ভয়ংকৰ ৰূপ ধাৰণ

চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিংগাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় ৩০ মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ- ছাত্ৰীকেইগৰাক...

October 3, 2025 12:33 PM

views 60

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক উদ্ধাৰ

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা বাছ দুৰ্ঘটনাৰ ১৩ জন নাগৰিকক কালি ভাৰতীয় সেনাই উদ্ধাৰ কৰে। প্ৰতিৰক্ষা বিভাগৰ মুখপাত্র লেফটেনেণ্ট কর্ণেল মহেন্দ্ৰ ৰাৱাটে কয়, যে টাৱাং জিলাৰ বৈশাখীৰ সমীপৰ গজৰাজ কৰ্পছৰ জোৱানে ততপৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰে। ১৩ গৰাকী যাত্ৰীক উদ্ধাৰ কৰা হৈছে বুলিও তেওঁ কয়। সেনা জোৱানসকলে আহতসকলক তাৎক্ষণিক চিকিৎসা সাহায্য প্রদান কৰে বুলিও লেফটেনেণ্ট কর্ণেল ৰাৱাটে প্ৰকাশ কৰে।  

September 22, 2025 7:00 PM

views 86

অৰুণাচলৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো’ জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ২৪০ মেগাৱাট শক্তিসম্পন্ন হো' জলবিদ্যুৎ প্রকল্প আৰু ১৮৬ মেগাৱাট শক্তিসম্পন্ন টাটো জলবিদ্যুৎ প্ৰকল্পৰ প্ৰথমটো গোটৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰীয় তাপবিদ্যুৎ নিগমৰ অধীনত ৩ হাজাৰ ৭০০ কোটি টকা ব্যয় সাপেক্ষ এই দুয়োটা প্ৰকল্প উত্তৰ পূৱ বিদ্যুৎ শক্তি নিগম চমুকৈ নিপকো আৰু অৰুণাচল প্ৰদেশ চৰকাৰৰ যৌথ উদ্যোগত নিৰ্মাণ কৰা হ'ব। উল্লেখযোগ্য যে ৰাজ্যখনৰ চি অমি জিলাৰ চিঅ'মত নিৰ্মাণ কৰিবলগীয়া হেঅ' জলবিদ্যুৎ প্রকল্পত ৮০ মেগাৱাটকৈ শক্তিৰ ৩ টা উৎপাদন গোট থাকিব। ট...

July 31, 2025 8:24 PM

views 44

অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে মণীষ কুমাৰ গুপ্তাৰ নাগেশ সিঙৰ সৈতে ভার্চুবেল বৈঠকত মিলিত

আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব মণীষ কুমাৰ গুপ্তা থাইলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্রদূত নাগেশ সিঙৰ সৈতে এখন ভার্চুবেল বৈঠকত মিলিত হয়। তেওঁলোকে অর্কিড খেতিৰ বাবে সম্ভাব্য অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে উচ্চমানৰ অর্কিড ৰোপণ সামগ্ৰী আৰু কাৰিকৰী বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক আৰু বাণিজ্যিকভাবে অর্কিড খেতি কৰাৰ ক্ষেত্রত থাই বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় দূতাবাসৰ সমৰ্থন বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্য...

June 24, 2025 1:05 PM

views 48

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।

April 21, 2025 8:11 PM

views 54

নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি

অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্রী চাওনা মেইনে আজি নামচাইত বুদ্ধ ধৰ্ম্মা আৰু উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি বিষয়বস্তুৰে এখন দুদিনীয়া আন্তৰাষ্ট্ৰীয় অভিৱৰ্তন মুকলি কৰে। আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘই কেন্দ্রীয় সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত এই অভিৱৰ্তনৰ আয়োজন কৰিছে। অনুষ্ঠানত গুৱাহাটীত ভূটানৰ কনচ্যুল জেনেৰেল জিগমে থিনলে নামগ্যাল, আন্তৰাষ্ট্ৰীয় বৌদ্ধ মহাসংঘৰ সঞ্চালক প্রধান অভিজিত হালদাৰ আৰু সচিব প্ৰধান শ্বাৰ্চে জেংচুপ নিপ'চেও উপস্থিত থাকে। আজি প্ৰথম দিনাৰ কাৰ্যসূচীৰ অংশ হিচাপে ঐতিহাসিক গুৰুত্ব, অঞ্চলটো...

April 5, 2025 8:52 PM

views 69

অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি অৰুণাচল প্ৰদেশৰ আলোত আয়োজিত ৫৯ সংখ্যক মপিন উৎসৱত অংশগ্ৰহণ কৰে। ৰাজ্যখনৰ মূলতঃ ইষ্ট আৰু ৱেষ্ট ছিয়াং জিলাৰ গালো জনগোষ্ঠীয় লোকসকলে মপিন উৎসৱ পালন কৰি আহিছে। প্ৰকৃতি শক্তি আৰু সমৃদ্ধিৰ বাবে উদযাপন কৰা মপিন উৎসৱত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁক আমন্ত্ৰণ জনোৱাৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু গালো জনগোষ্ঠীয় আয়োজক মণ্ডলীক কৃতজ্ঞতা জ্ঞাপন কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে অৰুণাচল প্ৰদেশ আৰু অসম কেৱল ভৌগোলিক সীমাৰেই নহয় বহু শতিকাজোৰা ঐতিহ...