● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল’বলগীয়া হ’ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।
Assamese | June 24, 2025 1:05 PM | Akashvani Guwahati | Arunachal | Assam Flood 2025 | Lakhimpur | NIPCO | Ranga Nadi
ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম