September 17, 2025 11:31 AM

views 43

অসমত বানৰ ফলত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত

ৰাজ্যত এইবাৰৰ বানত ছখন জিলাৰ ২২ হাজাৰৰো অধিক লোক প্ৰভাৱিত হৈছে। বানৰ ফলত ৪ হেজাৰ হেক্টৰৰো অধিক কৃষিভূমিৰ শস্য নষ্ট হৈছে। দিখৌ, দিচাং, ধনশিৰি, বৰাক আৰু কুছিয়াৰাকে ধৰি ৰাজ্যখনৰ মাজেৰে বৈ যোৱা কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা মতে, বিভিন্ন স্থানত স্থাপন কৰা ১১৩ টা আশ্রয় শিবিৰ আৰু সাহায্য বিতৰণ কেন্দ্ৰত প্ৰায় ৭ হাজাৰ লোকে আশ্রয় লৈ আছে। চৰকাৰে উদ্ধাৰ অভিযানৰ কামত ৰাজ্যিক দুর্যোগ সহাৰি বাহিনীৰ দল নিয়োগ কৰিছে। চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা ধাৰ...

June 24, 2025 1:05 PM

views 35

ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম

● অৰুণাচল প্ৰদেশৰ উৎস অঞ্চলত হৈ থকা বৰষুণৰ বাবে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ জলাধাৰৰ পানী উচ্চতম সীমা অতিক্ৰম কৰাৰ উপক্ৰম হৈছে। নীপকোৰ সূত্ৰৰ উদ্ধৃতি দি আমাৰ লখিমপুৰৰ সংবাদদাতাই জনোৱা মতে ইয়াজুলিত থকা ৰঙানদীৰ প্ৰকল্পৰ নিয়ন্ত্রণ কক্ষই বৰষুণ হৈ থাকিলে ৰঙানদী প্ৰকল্পৰ দুৱাৰ খুলি দিয়াৰ সিদ্ধান্ত ল'বলগীয়া হ'ব। ইয়াৰ ফলত ৰঙানদীৰ নামনি অংশৰ লখিমপুৰ জিলাৰ ভালেমান ঠাই প্লাৱিত হোৱাৰ আশংকা আছে।

June 24, 2025 12:32 PM

views 45

নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত

■ বিগত দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ঐতিহাসিক ৰংঘৰকে ধৰি শিৱসাগৰ নগৰ কৃত্ৰিম বানৰ কবলত পৰিছে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে নগৰখনৰ দৌলমুখ, হাস্পতাল ৰোড, বাবুপট্টি, লখিমীনগৰ, ব’ৰ্ডিং ৰোড আদি অঞ্চল পানীত বুৰ গৈছে। সম্প্ৰতি জিলা দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, জলসম্পদ বিভাগ, লোকনির্মাণ বিভাগ, পৌৰসভা, অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু জিলা প্ৰশাসনে নগৰখনত পানী নিষ্কাষণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। নলা-নর্দমাসমূহ সময়মতে পৰিষ্কাৰ নকৰাৰ বাবে সৃষ্টি হোৱা এই কৃত্রিম বান নোহোৱা কৰিবলৈ জিলা প্ৰশাস...

June 10, 2025 8:21 PM

views 86

অসমৰ ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক বৰ্তমানলৈকে বানৰ কবলত

অসমৰ সাম্প্ৰতিক বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে। অৱশ্যে ৯ খন জিলাৰ ২১টা ৰাজহচক্ৰৰ ১ লাখ ৩৮ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। বানত আজি শ্রীভূমি জিলাত এজন লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে ৰাজ্যখনত বছৰৰ প্ৰথমটো বান আৰু ভূমিস্খলনত এতিয়ালৈকে ২৮ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে বানপীড়িত অঞ্চলত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্রাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪৩ টা আশ্রয় শিবিৰত ছহেজাৰৰো অধিক লোকে আশ্রয় গ্রহণ কৰি আছে। ৰাজ্যখনৰ নদীসমূহ বৰ্তমা...

June 8, 2025 9:18 PM

views 73

অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ

ৰাজ্যখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে আৰু যোৱা ২৪ ঘণ্টাত বানৰ ফলত কোনো প্রাণহানি, বিশেষ ক্ষয়-ক্ষতি আৰু ভূমিস্খলনৰ তথ্য পোৱা হোৱা নাই। অৱশ্যে ১২খন জিলাৰ ৯০০খন গাঁৱৰ ৩ লাখতকৈও অধিক লোক এতিয়াও বানৰ কবলত আছে। ৰাজ্যত বছৰটোৰ প্ৰথমটো বানত ২৩জন লোকে প্রাণ হেৰুৱায়। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৩০টা আশ্রয় শিবিৰত ৩০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে বুলি ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰই প্ৰকাশ কৰিছে। কামৰূপ জিলাত বান পৰিস্থিতি সুস্থিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা গুৱাহাটী আৰু উত্তৰ ...

June 8, 2025 12:21 PM

views 60

অসমৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত

ৰাজ্যৰ বান পৰিস্থিতি উন্নত হৈছে যদিও ১২ খন জিলাৰ ৩ লাখ ৩০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। কামৰূপ মহানগৰ জিলাত কালি বিয়লি বান আৰু ভূমিস্খলনৰ বাবে দুজন লোকে প্ৰাণ হেৰুৱায়। ইয়াকে লৈ এইবাৰ ৰাজ্যৰ প্ৰথম বান আৰু ভূমিস্খলনত বৰ্তমানলৈ মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ লৈ বৃদ্ধি পালে। এইবাৰ বানত ৰাজ্যখনৰ এহেজাৰৰো অধিক গাঁও আৰু প্ৰায় ১২৫০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্য চৰকাৰে প্লাৱিত অঞ্চলসমূহত উদ্ধাৰ অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক নিয়োগ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধি...

June 6, 2025 6:55 PM

views 55

ৰাজ্যৰ ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক বৰ্তমান বানৰ কবলত

ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ১৬ খন জিলাৰ ৫ লাখ ৬০ হাজাৰৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। আজিৰ দিনটোত বানত কোনো লোকে প্ৰাণ হেৰুওৱা নাই বুলি আমাৰ সংবাদদাতাই প্রকাশ কৰিছে। এই বানত ৰাজ্যখনৰ এহেজাৰ ৪০০ ৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে আৰু প্ৰায় ১,৯০০ হেক্টৰ কৃষিভূমিৰ ক্ষতি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে আজি পুৱাৰে পৰা শ্ৰীভূমি জিলাত উদ্ধাৰ অভিযান চলাই আছে। অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ তথ্য অনুসৰি এতিয়াও ৪১ হাজাৰতকৈ অধিক লোকে ১৭৫ টা আশ্রয় শিবিৰত আশ্ৰয়...

June 3, 2025 9:01 PM

views 43

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি সম্প্ৰতি জটিল অৱস্থাত

উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল হৈ আছে৷ অসমত সাম্প্রতিক বানত ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্ৰস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্রী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্ৰতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আ...

June 3, 2025 7:53 PM

views 51

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

সাম্প্ৰতিক বানত ৰাজ্যৰ ২১ খন জিলাৰ ৫ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। জিলা প্রশাসনসমূহে স্থাপন কৰা ১৬৫ টা আশ্রয় শিবিৰত ৩১ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ১৫৭ টা সাহায্য সামগ্রী বিতৰণ কেন্দ্ৰত ক্ষতিগ্রস্ত লোকসকলৰ মাজত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হৈছে। ৰাজ্যখনত সাম্প্রতিক বানত ১৩ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত হোজাই জিলাত এজন লোকৰ মৃত্যু হয় আৰু ডিব্ৰুগড় আৰু হাইলাকান্দিত দুজন লোক সন্ধানহীন হয়। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফল...

June 3, 2025 7:04 PM

views 47

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা অসমৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ বুজ লয়। আজি আগবেলা প্রধানমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সৈতে হোৱা টেলিফোন বাৰ্তালাপত বানত ক্ষতিগ্ৰস্তসকলৰ সাহায্য আৰু পুনৰসংস্থাপনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড° শৰ্মাই অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বান পৰিস্থিতি আৰু ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰা ইয়াৰ প্ৰভাব সন্দৰ্ভত প্রধানমন্ত্ৰীক অৱগত কৰে। ...