June 2, 2025 10:19 AM

views 83

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰত ৪ জন লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত কালি ব্ৰহ্মপুত্ৰত ৪ জনকৈ লোক সন্ধানহীন হয়। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলায় যদিও এতিয়ালৈ কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হয়। শিশুটিৰ সন্ধানত এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধা...

June 2, 2025 10:15 AM

views 66

বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপ...

June 1, 2025 9:04 PM

views 55

ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন

ডিব্ৰুগড়ৰ ৰহমৰিয়াত আজি ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন হৈ পৰিছে। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলাইছে যদিও বাতৰি যুগুত কৰাৰ পৰলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে। শিশুটোৰ অনুসন্ধানটো এন ...

June 1, 2025 7:10 PM

views 64

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৫৬ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গৃহমন্ত্রী অমিত শ্বাহে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ সৈতে ফোনযোগে বার্তালাপ কৰি ৰাজ্যৰ বান পৰিস্থিতি সন্দৰ্ভত বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্রকাশ কৰিছে। মু...

June 1, 2025 11:30 AM

views 62

নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলা বানৰ কবলত

● বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া আৰু ডিব্ৰুগড়ৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিছু শাম কাটিছে যদিও কেইবাটাও অঞ্চল এতিয়াও জলমগ্ন হৈ আছে। কামৰূপ জিলাৰ বকোত মেঘালয়ৰ পানীয়ে বানৰ সৃষ্টি কৰিছে। মেঘালয়ৰ পৰা নামি অহা পানীয়ে শিঙৰা সংৰক্ষিত বনাঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ খহাই নিয়াৰ ফলত যাতায়াত ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।...