ডিব্ৰুগড়ৰ ৰহমৰিয়াত আজি ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন হৈ পৰিছে। ৰহমৰিয়া লাইনৰ অজয় ওৰাং, ৰঞ্জিত ওৰাং আৰু বৰুতি চুকৰ পিতিকৈ দাস নাম লোককেইজন ব্ৰহ্মপুত্ৰৰ মাজৰ পলভঙা চাপৰিত থকা গৰু খুঁটিলৈ যোৱাৰ সময়ত সন্ধানহীন হয়। লোক কেইজনক উদ্ধাৰৰ বাবে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দলে ব্ৰহ্মপুত্ৰৰ অভিযান চলাইছে যদিও বাতৰি যুগুত কৰাৰ পৰলৈকে কোনো শুংসূত্ৰ লাভ কৰা নাই। ইপিনে, ডিব্ৰুগড়ৰ অকলেণ্ডৰ ১৭ নম্বৰ লাইনৰ তনুজ মুৰা নামৰ ৭ বছৰীয়া এটি শিশু ব্ৰহ্মপুত্ৰৰ বুকুত সন্ধানহীন হৈছে। শিশুটোৰ অনুসন্ধানটো এন ডি আৰ এফ আৰু এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে। উল্লেখযোগ্য যে, কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা বহু পৰিমাণে বৃদ্ধি পাইছে।
Assamese | June 1, 2025 9:04 PM | Assam Flood 2025 | Dibrugarh District
ডিব্ৰুগড়ৰ ৰহমৰিয়াত ব্ৰহ্মপুত্ৰৰ পানীত ৪ জনকৈ লোক সন্ধানহীন