আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ মাধ্যমেৰে অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে অৰুণাচল প্ৰদেশৰ মুখ্য সচিব মণীষ কুমাৰ গুপ্তা থাইলেণ্ডত থকা ভাৰতৰ ৰাষ্ট্রদূত নাগেশ সিঙৰ সৈতে এখন ভার্চুবেল বৈঠকত মিলিত হয়। তেওঁলোকে অর্কিড খেতিৰ বাবে সম্ভাব্য অংশীদাৰিত্ব সন্দৰ্ভত আলোচনা কৰে। অৰুণাচল প্ৰদেশ চৰকাৰে উচ্চমানৰ অর্কিড ৰোপণ সামগ্ৰী আৰু কাৰিকৰী বিশেষজ্ঞৰ সহায়ত বৈজ্ঞানিক আৰু বাণিজ্যিকভাবে অর্কিড খেতি কৰাৰ ক্ষেত্রত থাই বিনিয়োগকাৰীক আকৰ্ষণৰ বাবে ভাৰতীয় দূতাবাসৰ সমৰ্থন বিচাৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত মুখ্য সচিবগৰাকীয়ে উল্লেখ কৰে যে অৰুণাচল প্ৰদেশ চৰকাৰে এইক্ষেত্ৰত কৃষক, স্বেচ্ছাসেৱী গোট আৰু কৃষি উৎপাদক সংস্থাসমূহক দক্ষ কৰি তোলাৰ লক্ষ্য নির্ধাৰণ কৰিছে।
Assamese | July 31, 2025 8:24 PM | Arunachal
অৰ্কিড অভিযানক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যৰে মণীষ কুমাৰ গুপ্তাৰ নাগেশ সিঙৰ সৈতে ভার্চুবেল বৈঠকত মিলিত