প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ কেন্দ্ৰীয় চৰকাৰৰ উচ্চস্তৰীয় প্রতিনিদি দলৰ

কেন্দ্ৰীয় চৰকাৰৰ এটা উচ্চস্তৰীয় প্রতিনিদি দলে শেহতীয়া প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্ত অৰুণাচল প্ৰদেশৰ বান বিধবস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ যুটীয়া সচিব নিষ্ঠা তিৱাৰীৰ। নেতৃত্বত অহা ছজনীয়া আন্তঃ মন্ত্ৰালয় কেন্দ্রীয় দলে কালি অৰুণাচলৰ পূব চিয়াং জিলাৰ বিলাত চাৰ্কোল আৰু লোৱাৰ চিয়াং জিলাৰ কোৰা চাৰ্কোলৰ বান ক্ষতিগ্রস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি বান আৰু খহনীয়াৰ ব্যাপক ক্ষয়-ক্ষতিৰ বুজ লয়।

দলটোৱে বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকৰ সমস্যাসমূহৰ লগতে বানত ক্ষতিগ্ৰস্ত পথ, দলং, কৃষি ভূমি, ভূমি স্খলন আৰু অন্যান্য আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতিৰ বুজ লৈ কেন্দ্ৰীয় সাহায্যৰ জৰিয়তে অতি শীঘ্ৰে সাহায্য আৰু পুনৰসংস্থাপনৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে।

উল্লেখযোগ্য যে যোৱা ২৮ জুনত হোৱা প্ৰৱল বৰষুণ আৰু বানৰ ফলত অসমৰ জোনাই অঞ্চলৰ লগতে অৰুণাচল প্ৰদেশৰ ভালেসংখ্যক অঞ্চল বানত ক্ষতি হয়। কেন্দ্ৰীয় দলটোৰ পৰিদৰ্শনৰ সময়ত পশ্চিম পাচিঘাট সমষ্টিৰ বিধায়ক নিনং এৰিং, নাৰী-কয়ু সমষ্টিৰ বিধায়ক ট’জিৰ কাডু আৰু ভালেসংখ্যক চৰকাৰী বিষয়া উপস্থিত থাকে।