চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে ধেমাজি জিলাত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইত নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে নাহৰ নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ অমৰপুৰ পাংগিংগাঁৱৰ সমীপৰ মথাউৰিৰ প্ৰায় ৩০ মিটাৰ অংশ ছিঙি পেলোৱাত বিস্তীর্ণ অঞ্চল প্লাৱিত হৈ পৰিছে। বানত নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰাৰ উপৰি খেতিপথাৰো ক্ষতিগ্ৰস্ত হৈছে। কালি নাহৰ নৈৰ ওপৰত থকা এখন বাঁহৰ দলঙেৰে কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী গৈ থকা অৱস্থাত দলংখন হঠাৎ ভাগি পৰাত ছাত্ৰ- ছাত্ৰীকেইগৰাকী কথমপি ৰক্ষা পৰে।
ইপিনে, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈয়ে কালি ধেমাজি জিলাৰ সীমান্তৱৰ্তী মালিনীপুৰ পঞ্চায়তত বান আৰু খহনীয়া সমস্যাৰ বুজ লয়। মালিনীপুৰ পঞ্চায়তৰ মাজেৰে বৈ যোৱা ঘগ্ৰা নৈয়ে পকী দলঙৰ এটা মূৰ খহাই নিয়া অংশ পৰিদৰ্শন কৰি বিধায়কগৰাকীয়ে শীঘ্ৰেই ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক নির্দেশ দিয়ে।