● অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা কালি নিশা প্ৰকাশ কৰে। সঞ্চালকালয়ে dee.assam.gov.in ৱেবছাইটৰ জৰিয়তে এই তালিকা প্রকাশ কৰে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা অনুসৰি যাৱতীয় প্রক্রিয়া সম্পূৰ্ণ হোৱাৰ পাছত বাছনি লাভ কৰা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা মৰ্মে ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে এই প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ ক্ষেত্ৰত পূর্বে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল যদিও কালি নায়ালয়ে এই স্থগিতাদেশ প্রত্যাহাৰ কৰে।
Assamese | September 11, 2025 12:46 PM | Akashvani | Assam Education | Assam Education Dept | Assam Government
নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫৫০ টা পদৰ প্ৰথমখন অস্থায়ী যোগ্যতাৰ তালিকা প্ৰকাশ