October 10, 2026 5:43 PM

views 15

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ’ব

২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা মার্চ-এপ্ৰিলত অনুষ্ঠিত হ'ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা জাননী অনুসৰি চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে চলিত বৰ্ষৰ নৱেম্বৰৰ পৰা প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। কেৱল নিয়মীয়া শিক্ষার্থীয়েহে এই চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব বুলি জাননীখনত উল্লেখ কৰা হৈছে। ইপিনে ২০২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা অথবা উত্তীৰ্ণ হোৱাৰ পাছতো ফলাফল অধিক উন্নত কৰিব বিচৰা পৰীক্ষাৰ্থীসকলৰ বাবে বিদ্যালয় শিক্ষা পৰ...

October 6, 2026 6:47 PM

views 6

গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি ধেমাজিৰ গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৰদলনি শিক্ষা খণ্ডৰ ৫৭৪ গৰাকী ৰান্ধনী আৰু সহায়িকাক চেক আৰু উৎকৃষ্টতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী পোষণ শক্তি নির্মাণ আঁচনিৰ সফল ৰূপায়ণৰ দিশত সেৱা আগবঢ়োৱা ৰান্ধনী আৰু সহায়িকাসকলৰ সন্মানার্থে এই পদক্ষেপ লোৱা হৈছে। সন্মান লাভ কৰা পি এম পোষণ কৰ্মীসকলে যাতে অনাগত দিনত নিষ্ঠা আৰু সেৱাৰ মনোভাৱেৰে কৰ্মত অগ্ৰসৰ হ'ব পাৰে তাৰ বাবে মন্ত্রী ডা০ পেগুৱে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে সেৱা সংকল্প অভিযানৰ অংশস্বৰূপে ৰা...

September 30, 2026 7:25 PM

views 5

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰিছে

চৰকাৰী বা প্ৰাদেশিকীকৃত বিদ্যালয়লৈ কোনো ব্যক্তি যোৱাত বাধা আৰোপ কৰি কোনো জাননী বা নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি বিদ্যালয় শিক্ষা বিভাগে স্পষ্ট কৰি দিছে। শেহতীয়াকৈ শিক্ষা বিভাগৰ নামত সামাজিক মাধ্যম আৰু কেতবোৰ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিয়ে বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ পাছতেই বিদ্যালয় শিক্ষা বিভাগে এটা জাননীযোগে সংবাদ মাধ্যমত প্ৰকাশিত এনে বাতৰি সত্য নহয় বুলি উল্লেখ কৰিছে। শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে অভিভাৱক আৰু নাগৰিকসকলে বিদ্যালয়সমূহলৈ গৈ গঠনমূলক...

August 21, 2026 6:39 PM

views 33

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা : প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীৰ্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে ২০২৬-২৭ বিত্তীয় বৰ্ষত বিদ্যালয়ৰ বৰ্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্ৰথমে বিদ্যালয়...

August 19, 2026 7:17 PM

views 27

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে

প্রাথমিক শিক্ষা সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশনাত সংশোধন ঘটাইছে। সেই অনুসৰি সঞ্চালকালয়ে লোকপিয়লৰ দায়িত্বত নিয়োজিত শিক্ষকসকলৰ বদলিৰ নিৰ্দেশৰ ১৪ দিনৰ ভিতৰত নতুন স্থানত যোগদান কৰাৰ চৰ্ত প্ৰত্যাহাৰ কৰিছে। উল্লেখযোগ্য যে সঞ্চালকালয়ে যোৱা ১০ আগষ্টত পাৰস্পৰিক বুজাবুজিৰ ভিত্তিত শিক্ষকৰ বদলিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। সেই অনুসৰি লোকপিয়লৰ কামত নিয়োজিত একাংশ শিক্ষকেও বদলিৰ নিৰ্দেশনা লাভ কৰিছিল। কিন্তু এই কামত জড়িত বিষয়া-কৰ্মচাৰীৰ বদলিকৰণ প্ৰক্ৰিয়া ৰাজ্য চৰকাৰে...

August 19, 2026 7:15 PM

views 31

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ’ব

অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ'ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কর্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৫খন জিলাত তিনিটা পৰ্যায়ত ২০২৭ বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ'ব। প্রথম পর্যায়ত ১৩খন জিলাত ৬ জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু ৭ৰ পৰা ৯ জানুৱাৰীলৈ বহীমূল্যায়ন কৰা হ'ব। দ্বিতীয় পৰ্যায়ত ১২খন জিলাত ১৯ জানুৱাৰীত স্বমূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীলৈ বহীমূল্যায়ন...

August 19, 2026 6:19 PM

views 24

অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বৈঠক

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সমগ্ৰ শিক্ষা অসমৰ মুখ্য কাৰ্যালয়ত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড তথা সমগ্ৰ শিক্ষাৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত সমবেত শিক্ষাবৰ্ষৰ বাবে সময়মতে পাঠ্যপুথি প্রকাশ সন্দৰ্ভত আলোচনা কৰা হয়। বৈঠকত অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন লিমিটেডৰ অধ্যক্ষ দেবানন্দ হাজৰিকা, উপাধ্যক্ষ তুলসী বৰঠাকুৰৰ লগতে আন কেইবাগৰাকী বিষয়া উপস্থিত থাকে।

July 1, 2026 12:55 PM

views 31

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি

অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ নাম পঞ্জীয়নৰ বাবে আজিৰে পৰা পঞ্জীয়ন প’ৰ্টেল পুনৰ মুকলি কৰিছে। এই প'ৰ্টেলটো ৭ জুলাই পর্যন্ত মুকলি থাকিব আৰু ৯ জুলাই পর্যন্ত পঞ্জীয়নৰ মাচুল আদায় দিব পৰা যাব। বাদ পৰি যোৱা সকলো ছাত্ৰ-ছাত্ৰীৰ পঞ্জীয়ন প্ৰক্ৰিয়া নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ পৰিষদে সকলো বিদ্যালয়ক নিৰ্দেশ দিছে। ৭ জুলাইৰ পাছত কোনো ছাত্ৰ-ছাত্ৰীক নাম পঞ্জীয়ন কৰিবলৈ দিয়া নহ'ব বুলি স্পষ্ট কৰি দিয়া হৈছে।

June 23, 2026 1:58 PM

views 24

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে

ৰাজ্যৰ ৩৯ হাজাৰ ৪১৫ খন বিদ্যালয়লৈ ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পৰ্যায়ৰ বাৰ্ষিক অনুদান মুকলি কৰি দিয়া হৈছে। সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা জিলা সমন্বয়সকললৈ এই সন্দৰ্ভত কেতবোৰ নিৰ্দেশনা প্ৰেৰণ কৰা হৈছে। এই নিৰ্দেশনা অনুসৰি এ পি ডি চি এলক বিদুৎ মাচুল পৰিশোধত সৰ্বাধিক অগ্ৰাধিকাৰ দিবলৈ কোৱা হৈছে। মুঠ অনুদানৰ ১০ শতাংশ ধন বিদ্যালয়সমূহে স্বচ্ছতা কাৰ্য পৰিকল্পনা শিতানত ব্যয় কৰাটো বাধ্যতামূলক কৰা হৈছে। একেদৰে বিদ্যালয়সমূহক উচিত অনাময় ব্যৱস্থাৰ লগতে বিশুদ্ধ খোৱাপানী, হাত ধোৱাৰ সুবিধা, পৰিৱেশ উন্নত কৰা ...

June 10, 2026 3:42 PM

views 31

দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক বিনামূলীয়া পৰিবহন সুবিধা প্ৰদান কৰা হ’ব

ৰাজ্য চৰকাৰে সৰ্বাত্মক আৰু বাধাৰহিত শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সমগ্ৰ ৰাজ্যৰ চাহ বাগিছা এলেকাৰ শিক্ষাৰ্থীসকলৰ বাবে বিনামূলীয়া পৰিবহন উদ্যম মুকলি কৰিছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এইকথা সদৰি কৰে। তেওঁ কয় যে যাতায়াতৰ অসুবিধাৰ বাবে শিক্ষার্থীয়ে আধাতে বিদ্যালয় এৰাৰ সমস্যা ৰোধ কৰাৰ উদ্দেশ্যে বিনামুলীয়া পৰিবহন-সুৰক্ষা বাহন সুবিধা নামৰ এই আঁচনিখন বিকশাই তোলা হৈছে। তেওঁ কয় যে এই পদক্ষেপে চাহ বাগিছা অঞ্চলত বাস কৰা উপান্ত আৰু দুখীয়া সম্প্ৰদায়ৰ প্ৰথমৰ পৰা দশম শ্ৰেণীলৈ...