অহা বছৰৰ ৬ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যৰ বিদ্যালয়সমূহত গুণোৎসৱ ২০২৭ অনুষ্ঠিত হ’ব। সমগ্ৰ শিক্ষা অসমে ইয়াৰ বাবে সময়সূচী ঘোষণা কৰি সকলো জিলাৰ মিছন সমন্বয়ক আৰু জিলা কর্মসূচী সমন্বয়কলৈ পত্ৰ প্ৰেৰণ কৰিছে।
পত্ৰত উল্লেখ কৰা অনুসৰি ৰাজ্যৰ ৩৫খন জিলাত তিনিটা পৰ্যায়ত ২০২৭ বৰ্ষৰ গুণোৎসৱ অনুষ্ঠিত হ’ব।
প্রথম পর্যায়ত ১৩খন জিলাত ৬ জানুৱাৰীত গুণোৎসৱৰ স্বমূল্যায়ন আৰু ৭ৰ পৰা ৯ জানুৱাৰীলৈ বহীমূল্যায়ন কৰা হ’ব। দ্বিতীয় পৰ্যায়ত ১২খন জিলাত ১৯ জানুৱাৰীত স্বমূল্যায়ন আৰু ২০ৰ পৰা ২২ জানুৱাৰীলৈ বহীমূল্যায়ন কৰা হ’ব।
একেদৰে তৃতীয় পৰ্যায়ত ১০খন জিলাত ২ ফেব্ৰুৱাৰীত স্বমূল্যায়ন আৰু ৩ৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বহীমূল্যায়ন কৰা হ’ব।